Local, Vocal, Global

Golaghat prison jailor arrested over sexual harassment of female doctor : মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ জেইলৰ বিৰুদ্ধে

নিউজ ডেস্ক,২৩মে’ : জেইলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ । এগৰাকী মহিলা চিকিৎসকক গোলাঘাট কাৰাগাৰৰ কাৰাধ্যক্ষই যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উঠিছিল । গোলাঘাট কাৰাগাৰৰ জেইলৰ হিতেশ চৌধুৰীৰ বিৰুদ্ধে উঠিছে এই যৌন নিৰ্যাতনৰ অভিযোগ। মহিলা চিকিৎসকগৰাকীয়ে অভিযোগ কৰা মতে গোলাঘাট কাৰাগাৰৰ কাৰাধ্যক্ষ হিতেশ চৌধুৰীয়ে নিজৰ বাসগৃহলৈ মাতি নি তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল । বুধবাৰে গোলাঘাট আৰক্ষীয়ে কাৰাধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ বৰ্তমান যৌন নিৰ্যাতনৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে(Golaghat prison jailor arrested over sexual harassment of female doctor)।

কিন্তু কাৰাধ্যক্ষৰ পত্নীৰ মন্তব্যৰ পিছতে এই ঘটনাই লৈছে নতুন মোৰ । পত্নীৰ অভিযোগ অনুসৰি বৃহৎ ষড়যন্ত্ৰৰ বলি হৈছে কাৰাধ্যক্ষগৰাকী । কাৰাধ্যক্ষ স্বামীৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নস্যাৎ কৰে পত্নীয়ে । জানিব পৰা মতে পৰিকল্পিতভাৱে চিকিৎসকগৰাকীয়ে কাৰাধ্যক্ষগৰাকীৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰিছে ।

আনহাতে কাৰাধ্যক্ষগৰাকীৰ পত্নীয়ে সমগ্ৰ ঘটনাটোক ভিত্তিহীন আখ্যা দিয়ে । তেওঁৰ মতে মহিলা চিকিৎসকগৰাকীৰ বাসগৃহলৈ প্ৰায়ে এজন অচিনাকি ল’ৰা আহে । কাৰাধ্যক্ষগৰাকীয়ে বাধা দিয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে মিছা অপবাদ দিয়ে বুলি উল্লেখ কৰে পত্নীয়ে(Golaghat Prison Jailor Arrested Over Allegations Of Sexual Harassment) ৷

কাৰাধ্যক্ষগৰাকীৰ পত্নীয়ে জনোৱা মতে বুধবাৰে চিকিৎসকগৰাকীৰ কোঠাত এজন যুৱকৰ সৈতে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰিছিল হিতেশ চৌধুৰীয়ে । তাৰ পিছতে উক্ত দিনা মাজনিশা চিকিৎসকগৰাকীয়ে কাৰাধ্যক্ষৰ কোঠাত প্ৰৱেশ কৰিছিল ।

ইয়াৰ পিছত চিকিৎসকগৰাকীয়ে পৰিকল্পিতভাৱে আৰক্ষী থানাত গোচৰ ৰুজু কৰি হিতেশ চৌধুৰীৰ ওপৰত মিছা অপৰাধ জাপি দিয়াৰ চেষ্টা কৰিছে ।

লগতে পঢ়ক : Road Accident in Guwahati : খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা; দ্ৰুতবেগী বেলেন’ বাহনে মহতিয়ালে কেইবাজনো লোকক