Golaghat News: গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ মইমতালীত অতীষ্ঠ দেৰগাঁৱৰ ৰাইজ
গোলাঘাট,১৯নৱেম্বৰ : গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ মইমতালীত অতীষ্ঠ দেৰগাঁৱৰ ৰাইজ। ঔষধ ব্যৱসায়ী সন্থাই দেৰগাঁৱৰ ফাৰ্মাচীয়ে ফাৰ্মাচীয়ে ৰেহাই নিবিচাৰিবলৈ ওলোমালে ফলক।
ফলক লিখা আছে… অনুগ্ৰহ কৰি ঔষধ কিনোতে ডিচকাউণ্ট বিচাৰি লাজ নিদিব(Golaghat News)।
হয়, এতিয়া এনেধৰণৰ ফলকে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেৰগাঁৱত। গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাই দেৰগাঁৱৰ ফাৰ্মাচীয়ে ফাৰ্মাচীয়ে লগাইছে এনেধৰণৰ ফলক।যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষুদ্ধ হৈ পৰিছে দেৰগাঁৱৰ সাধাৰণ ৰাইজ।
বিগত সময়ছোৱাত দেৰগাঁৱৰ বহুসংখ্যক ফাৰ্মাচীয়ে সাধ্যনুসৰি গ্ৰাহকলৈ কিছু পৰিমাণে হ’লেও ৰেহাই আগবঢ়াই আহিছিল। কিন্তু গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাই ৰেহাই নিবিচাৰিবলৈ ফলক লগোৱাৰ পাছতেই বিপদত পৰিছে দেৰগাঁৱৰ ঔষধৰ ব্যৱসায়ীসকল। দুই নাঁৱত দুই ভৰিৰ দৰে হৈছে দেৰগাঁৱৰ ঔষধ ব্যৱসায়ী সকলৰ।ৰেহাই নিদিলে গ্ৰাহক হেৰুওৱাৰ ভয় আনহাতে ৰেহাই দিলে সন্থাৰ ৰোষৰ বলি হোৱাৰ ভয়ে এতিয়া বিপদত পেলাইছে ব্যৱসায়ী সকলক।
গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে দেৰগাঁৱৰ সাধাৰণ ৰাইজ । অতি শীঘ্ৰেই যদি সন্থাই এই সিদ্ধান্ত বাতিল নকৰে দেৰগাঁৱত আন্দোলনৰ দৰে যি কোনো পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে সাধাৰণ লোকে।