Local, Vocal, Global

Sonitpur Forest Officer arrested for accepting bribe : অবৈধভাৱে সামগ্ৰী কঢ়িওৱা বাহনৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া

নিউজ ডেস্ক,২০জুন : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী( Golaghat Forest Officer arrested for accepting bribe)।

এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল বন বিষয়া । অবৈধভাৱে সামগ্ৰী কঢ়িওৱা বাহনৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া । গ্ৰেপ্তাৰ হোৱা বন বিষয়া গৰাকী শোণিতপুৰৰ খণ্ড বন বিষয়া গোপাল ডেকা ৷

লগতে পঢ়ক : Ambubachi Mela 2024 : অম্বুবাচী মেলালৈ মাজত মাথোঁ এটা দিন বাকী; নীলাচলৰ বুকুত মহা অম্বুবাচী মেলাৰ ব্যাপক প্ৰস্তুতি