WATCH | Gohpur News : তিনিটা বৰ্বৰ,নৰখাদক বহিৰাগত অনা অসমীয়াৰ বৰ্বৰতাৰ আখ্যান
গহপুৰ,২৪জুন : তিনিটা বৰ্বৰ,নৰখাদক বহিৰাগত অনা অসমীয়াৰ বৰ্বৰতাৰ আখ্যান। মানসিক অত্যাচাৰ আৰু হিংসাত্মক কামনাৰ বলি হোৱা এজন অসমীয়া প্ৰতিভাৱান যুৱক । নিজ পিতৃ-মাতৃলৈ নিজ পুত্ৰই এৰি যোৱা মনৰ ব্যথাৰে কঁপা-কঁপা আখৰে ভৰা এখন বিশেষ চুইছাইড নোট । তিনিও লগ হৈ বৰ্বৰতাৰে চৰম পন্থা ল’বলৈ বাধ্য কৰালে এজন প্ৰতিভাবান অসমীয়া যুৱকক।
২০১৭ চনত নিজৰ বুকুত অযুত সপোন লৈ মহানগৰীলৈ ওলাই গৈছিল লখিমপুৰ জিলাৰ ধলপুৰ কচুৱাৰ এই পৱন হাজৰিকা নামৰ প্ৰতিভাবান যুৱকজন। এফিনিটি ক্লাছেছ নামৰ এটা শৈক্ষিক প্ৰতিষ্ঠানত নিজকে শৈক্ষিক জ্ঞান লাভৰ উদ্দেশ্যে এজন ছাত্ৰ হিচাপে নামভৰ্তি কৰিছিল পবনে(Gohpur News)।
তাতেই লগ হৈছিল প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক স্বত্বাধিকাৰী অংকিত আগৰৱাল নামৰ এইজন অনা অসমীয়া ব্যৱসায়ীৰ। ছাত্ৰ হিচাপে প্ৰতিষ্ঠানটোত যোগদান কৰে পৱনে এদিন যোগ্যতা অৰ্জন কৰিছিল নিজে অধ্যয়নৰত এফিনিটি ক্লাছএছৰ মুখ্য দায়িত্ব লোৱাৰ।সেইহেতু নিজ যোগ্যতাৰ বাবে অংকিত আগৰৱালে পৱনৰ যোগ্যতাৰ উমান পাই টকাৰ বিনিময়ত পৱনক গতাই দিবলৈ বাধ্য হৈছিল এফিনিটি ক্লাছেছ নামৰ এই শৈক্ষিক প্ৰতিষ্ঠানটো।
পৱনক প্ৰতিষ্ঠানটো গতাই দি কৰ্মসূত্ৰে অসমত খোপনি পোতা এই অংকিত আগৰৱাল নামৰ এইজন ব্যক্তিয়ে লাহে-লাহেকৈ নামি পৰিছিল পৱনৰ যোগ্যতাক নমাই ধ্বংস কৰাত।
ফলস্বৰূপে শাৰীৰিক অত্যাচাৰ কৰিব নোৱাৰি তিল-টিলকৈ পাবলগীয়া কেইটামান টকাৰ অজুহাত লৈয়ে দিনে নিশাই ফোন,মেছেজৰ যোগেদি দিনে-নিশাই পৱনক ব্লেকমেইলিং কৰাত নামি পৰিছিল এই অনা অসমীয়া নৰখাদকটোৱে।
সময়ত সেই ব্লেকমেইলিং ইমানেই তললৈ নামি পৰিছিল যে পবনৰ অতি মৰমৰ কুকুৰটোকো ভাবুকি দি কাঢ়ি লৈ গৈছিল অংকিত নামৰ এইজন লোকে।
অংকিটৰ এই কাৰ্যকলাপত সহযোগ কৰিছিল বিকাশ চিচ’ডিয়া আৰু নিলয় নামৰ এই দুজন ব্যক্তিয়ে।যি দুজনৰ নাম আৰু কাহিনী উল্লেখ আছে এই বিশেষ চুইছাইড নোটত।
যাৰ ফলশ্ৰুতিত আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল এই ৪ পৃষ্ঠাজোৰা এখন চুইছাইড নোট আৰু নিথৰ হৈ পৰি ৰোৱা পৱনৰ দেহটো।
পৱনৰ ঘৰলৈ ফোনযোগে হঠাৎ অহা সেই দু-খবৰটোৱে আকাশ খহাই পেলাইছিল পৱনৰ পিতৃ-মাতৃৰ লগতে দুই ভাতৃ-ভগ্নীৰ ওপৰত।লগে-লগে উপস্থিত হৈছিলগৈ কাহিলিপাৰাত থকা ৪২ নম্বৰৰ সেই বিশেষ বাসগৃহত।আৰু তাতেই দেখা পাইছিল সদায় হাঁহিমুখীয়া পৱনৰ মুখৰ বিপৰীতে ঢলি পৰা এটি নিথৰ শৰীৰ। নিজৰ যোগ্যতাৰ বলত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বহুতো মানৱ সম্পদ গঢ়িবলৈ ওলোৱা পৱনৰ নিথৰ শৰীৰ যেন সেই মুহূৰ্তত নিজ পিতৃ-মাতৃৰ বাবে হৈ এক বুজাব নোৱাৰা অবুজ সাঁথৰ।অব্যক্ত মনৰ কথাবোৰ যেন লিখি ৰাখি থৈ গৈছিল সেই ৪ পৃষ্ঠা জোৰা বিশেষ চুইছাইড নোটখনত।
য’ত স্পষ্টকৈ লিখা আছিল যে…”মানসিকভাৱে শেষ হৈ গ’লো অ’।কষ্ট কৰাত কেতিয়াও ভাগৰা নাছিলোঁ।কিন্তু এই ক’ছিং সমাজখনৰ এজন অসমীয়া ল’ৰাই কেনেকৈ মালিকৰ স্থান গ্ৰহণ কৰিব তাক হজম কৰিব নোৱাৰিলে অংকিত কুমাৰে।যাক জীৱনৰ ৮ বছৰত প্ৰত্যেকটো সুখ-দুখৰ ছা ৰ দৰে থাকি দিলো।প্ৰত্যেক বিপদৰ পৰা বচালোঁ আৰু আজি মোৰ ক্ষেত্ৰত শান্তিৰে অনুষ্ঠান চলাব পৰাকৈ একো ৰাস্তাই নাৰাখিলে।সকলো সহ্য কৰিও নৱেম্বৰৰ পৰা আজিলৈ চলাই আহিলোঁ।কিন্তু সহ্যৰ বাহিৰ হ’ল পৰহী ৰাতি,কি যে ন’কলে সকলো পাহৰি।মাত্ৰ এজন শত্ৰুৰ দৰে ব্যৱহাৰ হৈ পৰিল। আপোনাৰ বাবেই বা বিশ্বাসত এজন শিক্ষকৰ পৰিয়ালৰ পৰা ব্যৱসায়লৈ আহিলোঁ।আজি না ঘূৰি যাব পাৰিম নে আগবাঢ়িব পৰা অৱস্থা।পাহৰি গ’ল যে এই অনুষ্ঠানটো নিজে সৃষ্টি কৰিছিল।আজি ধ্বংসৰ বাবে উঠি পৰি লাগিছে আপুনি।দিল্লীৰ পৰা অনলাইন বদনামৰ বাবে নিলয়ক লগাই দিছে।আৰু প্ৰত্যেকটো দুৰ্বলতা বিকাশ চিচ’ডিয়াক দিছে গুৱাহাটীত।
চুইছাইড নোটখন পঢ়ি সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন… সঁচাকৈ অনা অসমীয়াৰ পৰিকল্পিত ষড়যন্ত্রৰ বলি হ’ল নেকি পৱন?, তিনিও অনা অসমীয়াই মিলি হত্যা কৰি আত্মহত্যাৰ নাটকীয় ৰূপ দিলে নেকি পৱনক?
লগতে পঢ়ক : WATCH | Poor conditions of roads : উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ