Local, Vocal, Global

WATCH | Gohpur News : গহপুৰ আৰক্ষীৰ বৰ্বৰতা;শাৰীৰিকভাৱে অসুস্থ যুৱকক গহপুৰ আৰক্ষীৰ নিৰ্মম প্ৰহাৰ

গহপুৰ,৬মে’ : এজন শাৰীৰিকভাৱে অসুস্থ যুৱকক গহপুৰ আৰক্ষীৰ নিৰ্মম প্ৰহাৰ ৷ গহপুৰৰ হাইদৰ হুছেইন নামৰ আৰক্ষী বিষয়াৰ লগতে তিনিজনীয়া এটা দলে আৰক্ষী থানাৰ ভিতৰত থকা চি চি টিভি ঢুকি নোপোৱা বাথৰুমত সোমোৱাই লৈ বেতেৰে গুৰুলাগুৰুলকৈ পিঠি বাহু আৰু তপিনাত প্ৰহাৰ কৰে ৷ যাৰ ফলত মাৰপিট কৰা সকলো স্থানত চেৰেলাচেৰেল দাগ স্পষ্ট হৈ আছে৷

আৰক্ষী বিষয়া হাইদৰ হুচেইনে মাৰপিটতে ক্ষান্ত নাথাকি কনভাই ওৰফে পিংকু বৰা নামৰ যুৱক জনক থানাৰ চৌহদ ঝাৰু লৈ পৰিস্কাৰ কৰিবলৈ দিয়াৰ উপৰিও থানাৰ বাথৰুমত দমকলৰ পৰা পানী আনিবলৈ লগায়(Gohpur News) ৷

এটা নিশা এনেদৰে অমানৱীয় অমানুষিক অত্যাচাৰ কৰা পিছত ঘৰলৈ যাবলৈ দিয়ে পিংকুক ৷ গহপুৰৰ খাৰনিজানৰ ঘৰত গৈ বৰ্তমান অসুস্থ হৈ পৰে পিংকু বৰা ৷ দিন হাজিৰা কৰি ঘৰখন চলোৱা পিংকু চিকিৎসাৰ অভাৱত ঘৰতে থাকিব লগা হৈছে ৷

উল্লেখযোগ্য দুদিনৰ পূৰ্বে পিংকু দেউতাকৰ লগত কিছু কথা বতৰাত কাজিয়া হোৱাৰ পিছত দেউতাকে আৰক্ষী থানাত জনাই এজাহাৰ প্ৰদান কৰিছিল ৷ ইয়াৰ পিছতে আৰক্ষী থানালৈ উঠায় নি প্ৰহাৰ কৰিছিল ৷ নিজ পুত্ৰক এনেদৰে প্ৰহাৰ কৰা বাবে দুখ প্ৰকাশ কৰিছে পিতৃৰ লগতে স্থানীয় লোকে ৷

লগতে পঢ়ক : WATCH | Election violence : হাজোত নিশা নিৰ্বাচনী হিংসা