Local, Vocal, Global

WATCH | Gohpur News : কিশোৰীক যৌন নিৰ্যাতন চেষ্টা বিবাহিত পুৰুষৰ

গহপুৰ,১৬মাৰ্চ : ফাকুৱাৰ ধামখুমীয়া চলি থকাৰ মাজতে গহপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।

গহপুৰৰ কুমাৰকটা গাওঁৰ উচ্চতৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত এগৰাকী কিশোৰীক সন্ধিয়াৰ সময়ত নিজ গৃহৰ পৰা পথেৰে সমীপৰ চেংমৰা চেন্টাৰত থকা নিজা দোকান লৈ আহি থকা অৱস্থাত একে গাওঁৰে ভিল চৰকাৰ নামৰ এজন বিবাহিত পুৰুষে পথটিৰ নিৰ্জন অংশত কিশোৰীগৰাকীক অশ্লীল বাক্যৰে ভয় – ভাবুকি প্ৰদান কৰি কিশোৰীগৰাকীৰ গাত হাত দিয়াৰ লগতে পথৰ দাঁতিলৈ নিবলৈ টনা -আজোৰা কৰে যদিও কিশোৰীগৰাকীৰ চিঞঁৰ শুনি কিশোৰীগৰাকীৰ মাতৃ উক্ত স্থানত উপস্থিত হোৱাত ব্যক্তিজনে পলায়ন কৰে ।

ইয়াৰ পিছতে নিশাই কিশোৰী গৰাকীৰ মাতৃয়ে হাৱাজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । কিশোৰী গৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত নিশাই ভিল চৰকাৰৰ বাসগৃহত আৰক্ষী উপস্থিত হয় যদিও মিল চৰকাৰে আৰক্ষী অহাৰ উমান পায় পলায়ন কৰে যদিও আজি পুৱাই আৰক্ষীয়ে অভিযান চলাই ভিল চৰকাৰক আটক কৰিবলৈ সক্ষম হয়(Gohpur News)।

লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোড আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ