Local, Vocal, Global

Watch | Goalpara NHM protest : কেইবাটাও দাবীৰে NHMৰ কৰ্মীৰ তিনিদিনীয়া কৰ্মবিৰতি

গোৱালপাৰা: আজি দ্বিতীয় দিনটো সমগ্ৰ ৰাজ্যতে দেখা গৈছে NHM স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ কৰ্মবিৰতি পালন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ মৰনৈ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীসকলেও গ্ৰহণ কৰিলে কৰ্মবিৰতি। বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় কৰ্মচাৰী সকলে। যোৱাকালিৰে পৰা ৬ মাৰ্চলৈ অব্যাহত থাকিব এই প্ৰতিবাদ। চাকৰি নিয়মীয়া কৰণ, সম কামৰ সম দৰমহা, সপ্তম দৰমহা আয়োগৰ দৰমহা সুৰক্ষা বিচাৰি চাৰি দফীয়া দাবীৰে NHM কৰ্মচাৰী সকলে আদি বিভিন্ন শ্লগানেৰে উত্তাল কৰি তুলে চিকিৎসালয় চৌহদ।