WATCH | Goalpara News : দেশজুৰি মক’ড্ৰিলৰ ব্যৱস্থা চৰকাৰ-প্ৰশাসনৰ
গোৱালপাৰা,৭মে’ : চিৰবৈৰী পাকিস্তানৰ সৈতে ভাৰতৰ চলিছে যুদ্ধৰ আখৰা। দুয়োটা দেশৰ মাজত যুদ্ধৰ পৰিবেশ।
যুদ্ধৰ সময়ত দেশৰ সাধাৰণ জনতাই কেনেদৰে সতৰ্কতা অৱলম্বন কৰিব লাগিব তাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰালয়ে মক’ড্ৰিলৰ জৰিয়তে সতৰ্কতা অনুশীলন কৰিবলৈ দেশৰকেইবাখনো ৰাজ্যৰ লগতে অসমৰ কেবাখনে জিলাত নিৰ্দেশ জাৰি কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে আজি গোৱালপাৰা চহৰৰ ভালুকডুবিস্থিত আৱৰ্ত ভৱন চৌহদত মক’ড্ৰিল অনুশীলন আৰম্ভ কৰে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আজি বিয়লি চাৰি বজাত গোৱালপাৰাতো জৰুৰী কালীন অৱস্থাত উদ্ধাৰ কাৰ্য্য আৰু ৰাইজে লব লগা সাৱধানতা সম্পৰ্কে এক আখৰা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়(Goalpara News)।
যুদ্ধকালীন পৰিস্থিতিত সামৰিক, অসামৰিক, স্বাস্থ্য আদি বিভাগে কিদৰে বিপদগ্ৰস্ত ৰাইজক উদ্ধাৰ কাৰ্য্য চলাব আৰু সাৱধানতা অৱলম্বন কৰি উদ্ধাৰ কাৰ্য্য চলোৱা অৱস্থাত ৰাইজে কিদৰে সহযোগ কৰিব সেই সম্পৰ্কে আখৰাৰ জৰিয়তে দেখুওৱা হয় । আখৰা কাৰ্যসূচীত গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ লগতে বিভিন্ন বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Panchayat Election: লামডিঙত শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল পঞ্চায়তৰ ভোটগ্ৰহণ