Local, Vocal, Global

WATCH | Goalpara News : অৱশেষত আৰক্ষীৰ জালত পৰিল নাবালিকাক অপহৰণ কৰা নাজিবুল হুছেইন

গোৱালপাৰা,১৬মাৰ্চ : পশ্চিম গোৱালপাৰাৰ বগুৱান থানাৰ অন্তৰ্গত আমবাৰীৰ পৰা এগৰাকী ১৪ বছৰীয়া নাবালিকা ছোৱালীক ফুছুলাই অপহৰণ কৰি নিয়া অভিযুক্তক বগুৱান আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰি শনিবাৰে আদালতলৈ প্ৰেৰণ কৰে। ধৃত অভিযুক্ত গৰাকীৰ নাম নাজিবুল হুছেইন আৰু নাজিবুলৰ ঘৰ দোছৰা আমবাৰী গাঁওৰ বুলি জানিব পৰা গৈছে(Goalpara News)।

উল্লেখ্য যে আজিৰে পৰা ৯ দিন মান পূৰ্বে এই গৰাকী নাজিবুল হুছেইনে ১৪ বছৰীয়া এগৰাকী নাবালিকা ছোৱালীক ফুছুলাই অপহৰণ কৰি নিছিল। এই সংক্ৰান্তত ছোৱালী জনীৰ পৰিয়ালে বগুৱান থানাত এখনি এজাহাৰ দাখিল কৰে। লগে লগে বগুৱান থানাৰ উপ পৰিদৰ্শক প্ৰীতমোহন শইকীয়াই ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখে আৰু শুকুৰবাৰে বিহাৰৰ বৈশালি জিলাৰ পৰা নাবালিকা ছোৱালী জনীক উদ্ধাৰ কৰাৰ বিপৰতে অভিযুক্ত নাজিবুল হুছেইনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

শনিবাৰে অভিযুক্ত গৰাকীক গোৱালপাৰা আদালতলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Barpeta News : দ্বিতীয় বৈকুণ্ঠপুৰি বৰপেটা সত্ৰ নগৰী