WATCH | Goalpara News : আশুডুবিৰ উচ্ছেদৰ আতংকত মনিৰুল শেখৰ আত্মহত্যা
গোৱালপাৰা,২জুলাই : গোৱালপাৰাৰ কৃষ্ণাই পাইকানত উচ্ছেদৰ জাননীৰ পিছতেই তিনি সন্তানৰ পিতৃৰ আত্মহত্যা
কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত আশুডুবি বেতবাৰী অঞ্চলত উচ্ছেদৰ ভয়ত মনিৰুল শেখ নামৰ এগৰাকী তিনি সন্তানৰ পিতৃয়ে আত্মহত্যা কৰিছে(Goalpara News)।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, জিলা প্ৰশাসন আৰু বন বিভাগে এই অঞ্চলত উচ্ছেদৰ জাননী জাৰি কৰিছিল আৰু প্ৰতিদিনে মাইকিংৰ জৰিয়তে উচ্ছেদৰ কথা ঘোষণা কৰি আহিছে। মনিৰুল শেখৰ জন্ম আশুডুবিতে হৈছিল আৰু তেওঁৰ পৰিয়ালৰ নাম ১৯৫১ চনৰ NRC তালিকাতো আছে বুলি জানিব পৰা গৈছে।
মনিৰুলে উচ্ছেদৰ জাননীৰ পিছত ভাৰা ঘৰৰ সন্ধানত গৈছিল। কিন্তু জানিব পৰা মতে, ভাৰা ঘৰৰ মূল্য ১০ হাজাৰ টকা বুলি জানি পেছাত মিস্ত্ৰী হিচাপে কাম কৰা মনিৰুল হতাশ হৈ ঘৰলৈ ঘূৰি আহে। ঘৰত সোমাই দুৱাৰ বন্ধ কৰি তেওঁ কোঠাত আত্মহত্যা কৰে। পিছত পৰিয়ালে তেওঁক এই অৱস্থাত উদ্ধাৰ কৰে।
এই ঘটনাৰ পিছত ছাত্ৰ নেতা জাকিৰ হুছেইন পৰিয়ালৰ কাষত উপস্থিত হৈ তেওঁলোকৰ শোকত সহভাগী হৈছে আৰু মনিৰুল শেখলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। তেওঁ মনিৰুলৰ মাতৃ, পিতৃ আৰু তিনি কণমানি সন্তানৰ প্ৰতি গভীৰ সমবেদনা জনাইছে।
এই ঘটনাই অঞ্চলটোত উচ্ছেদৰ প্ৰভাৱ আৰু স্থানীয় লোকসকলৰ মানসিক অৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা এই পৰিস্থিতিৰ সমাধানৰ বাবে কি পদক্ষেপ লোৱা হ’ব, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।
লগতে পঢ়ক : WATCH | Barpeta News : বৰপেটা জিলাৰ ৮ বছৰীয়া শিশুৰ অপহৰণকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত তিনি অভিযুক্তক আটক