WATCH | Goalpara News : অব্যাহত আছে বিজেপি নেতা ড° কাশ্যপ প্ৰকাশ আৰু বিধায়ক এ কে ৰছিদ আলমৰ বাক যুদ্ধ
গোৱালপাৰা,৩১মে’ : অব্যাহত আছে বিজেপি নেতা ড° কাশ্যপ প্ৰকাশ আৰু গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ বাক যুদ্ধ ।
বিধায়ক এ কে ৰছিদ আলমক এইবাৰ উভতি ধৰি বিজেপি নেতা কাশ্যপ প্ৰকাশে শুকুৰবাৰে সন্ধিয়া এক সংবাদমেল যোগে কয় যে, প্ৰতিজন মুচলমানৰ পূৰ্ব পূৰুষ হিন্দু আছিল।
প্ৰয়োজন হ’লে বিধায়ক এ কে ৰছিদ আলমে ডি এন এ পৰীক্ষা কৰি লওক। উচ্ছেদ সন্দৰ্ভতো ড° কাশ্যপে কয় যে, যিবোৰ ঠাইত উচ্ছেদ বেচি হৈছে তাতেই আমাৰ প্ৰাৰ্থী জয় হৈছে। কংগ্ৰেছ, এ আই ইউ ডি এফ, আমছু যিটো স্থিতি থাকিব তাত আমাৰ স্থিতি বিপৰিত হব । বিধায়ক এ কে ৰচিদ আলম, ৰচিদ মণ্ডল আৰু আফতাবুদ্দিন মোল্লাৰ মাজৰ কাজিয়াখনত যাতে আমাক সুমুৱাই নলয়।উচ্ছেদ হৈছে আইনী ব্যৱস্থা(Goalpara News)।
অহা ২৬ ৰ নিৰ্বাচনত গোৱালপাৰাত জিলাত কংগ্ৰেছৰ প্ৰতীক চিহ্নত এজনো বিধায়ক নিৰ্বাচিত হ’ব নোৱাৰে বুলি তেওঁ কয়।
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটত সন্দেহ জনক বিদেশী খেদোৱা আন্দোলন