Local, Vocal, Global

Goalpara News: গোৱালপাৰাত দেৱী দুৰ্গাকলৈ অশ্লীল ভিডিও বনাই গ্ৰেপ্তাৰ যুৱক

গোৱালপাৰা,১৫অক্টোবৰ : গোৱালপাৰাত দেৱী দুৰ্গাকলৈ অশ্লীল ভিডিও বনাই গ্ৰেপ্তাৰ যুৱক। কাশেম আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰৰ দাবীত তিনি শতাধিক ৰাইজৰ থানা ঘেৰাও।

সমগ্ৰ ৰাজ্যতে শান্তিপূৰ্ণ ভাৱে বিসৰ্জন হ’ল দেৱী দুৰ্গাৰ মা’ৰ প্ৰতিমা। দেৱী দুৰ্গাৰ বিসৰ্জনৰ পিছতেই গোৱালপাৰাত সংঘটিত হৈছে এক ঘৃণনীয় ঘটনা।

জানিব পৰা মতে, দেওবাৰে সমগ্ৰ ৰাজ্যতে উখল মাখলৰ পৰিবেশৰ মাজত অশ্ৰুশক্তি নয়নেৰে শান্তিপূৰ্ণ ভাৱে দেৱী দূর্গাক বিসৰ্জন দিয়া হৈছিল। বিসৰ্জনৰ দৃশ্য চাবলৈ উপস্থিত হৈছিল হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ।কিন্তু ইয়াৰে মাজতে দুৰ্গা মা’ৰ বিসৰ্জন চাবলৈ যোৱা নাৰী সমাজক উদ্দেশ্যি অশ্লীল ভিডিও বনাইছিল মৰনৈ আৰক্ষী থানৰ অন্তৰ্গত ডেকধুৱাৰ এজন যুৱকে।ভিডিও প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যুৱক জন।

যুৱকজনৰ অশ্লীল ভিডিও সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে একাংশ সচেতন ৰাইজে যুৱক গৰাকীৰ বিৰুদ্ধে মৰনৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।এজাহাৰ দাখিলৰ পিছতো মৰনৈ আৰক্ষীয়ে যুৱক গৰাকীক গ্ৰেপ্তাৰ নকৰাত সোমবাৰে সন্ধিয়া প্ৰায় তিনি শতাধিক ৰাইজে মৰনৈ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে(Goalpara News)।

ৰাইজৰ প্ৰতিবাদৰ পিছতে মৰনৈ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কাশেম আলী নামৰ যুৱক জনক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

যুৱক গৰাকীৰ গ্ৰেপ্তাৰৰ পিছত স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত কয় যে,কাশেম আলী নামৰ যুৱক গৰাকীয়ে দেৱী দুৰ্গাৰ লগতে সমগ্ৰ নাৰী সমাজক অপমান কৰি ভিডিও বনাই সামাজিক মাধ্যমত ভাইৰেল কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে এইটো ঘটনাক লৈ যাতে কোনো ধৰণৰ হিন্দু-মুছলিমৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সংগঠিত নহয় তাৰ বাবে সকলো ৰাইজক আহ্বান জনায়।

লগতে পঢ়ক :Bishwanath protest : বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ,স্মার্ট মিটাৰৰ সংযোগ বন্ধ কৰাৰ দাবীৰে চি.আই.টি.ইউ ৰ প্ৰতিবাদ