Goalpara girl abducted : অৱশেষত উদ্ধাৰ গোৱালপাৰাৰ অপহৃত যুৱতী

নিউজ ডেস্ক,১৯অক্টোবৰ : অৱশেষত উদ্ধাৰ গোৱালপাৰাৰ অপহৃত যুৱতী। ওদালগুৰিৰ হৰিশিহাৰ পৰা উদ্ধাৰ আঞ্জিলা ৰাভা। ওৰে নিশা গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে যুৱতীগৰাকীক।ওদালগুৰিৰ হৰিশিঙাৰ পৰা উদ্ধাৰ হয় যুৱতীগৰাকীক( Goalpara girl abducted)।
উল্লেখ্য যে,গোৱালপাৰাৰ কাৰবলাত আঞ্জিলা ৰাভা নামৰ এগৰাকী যুৱতীক অপহৰণ কৰিছিল।মুক্তিপণ বিচাৰি পৰিয়াললৈ ফোন কৰিছিল অপহৰণকাৰীয়ে। অপহৰণ কৰি যুৱতীগৰাকীৰ মুক্তিৰ বিনিময়ত দাবী কৰিছিল ২০ লাখ টকা। অপহৰণকাৰীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি দাবী কৰিছিল( Goalpara girl abducted; Rs 20 lakh ransom demanded for her release)।
জানিব পৰা মতে,গোৱালপাৰাৰ এখন ব্যক্তিগত ক্লিনিকত কৰ্মৰত আছিল অঞ্জিলা ৰাভা। কৰ্মসূত্ৰে এবছৰৰ পৰা কাৰবলাত আছিল যুৱতীগৰাকী।