টেটত গ্ৰেছ মাৰ্ক প্ৰদান

টেটত গ্ৰেছ মাৰ্ক প্ৰদানৰ ব্যবস্থা সম্পূৰ্ণৰূপে নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে নাকচৰ নিৰ্দেশ দিয়ে শিক্ষা বিভাগক।
মাধ্যমিক টেটত দুখন কাকতত গড়ে ৬০% নম্বৰ প্ৰাপ্তক উৰ্ত্তীণ হিচাবে ঘোষণাৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।
উল্লেখযোগ্য যে ২০২০চনৰ ৪ মাৰ্চৰ ফলাফলত ৬০% নম্বৰ পোৱা বহু প্ৰাৰ্থী উত্তীৰ্ণ হোৱা নাছিল, সেইসকলক উত্তীৰ্ণ কৰোৱাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।
দুমাহৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।
আনহাতে, টেটত গ্ৰেছ মাৰ্ক পায় উত্তীৰ্ণ হোৱা বহু প্ৰাৰ্থীয়ে চাকৰীৰ দাবীত আন্দোলন অব্যাহত ৰাখিছিল। আৰু উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশত বহুতৰে আশাত চেঁচা পানী ধালিছে।