Local, Vocal, Global

চৰিত্ৰৰ প্ৰমাণপত্ৰ দিয়ক, নহ’লে যাব নোৱাৰিব মোদীৰ সভালৈ!

নিউজ ডেস্ক : স্বাধীন ভাৰতত প্ৰথমবাৰ সংঘটিত হৈছে আজৱ কাণ্ড। প্ৰধানমন্ত্ৰীৰ বাতৰি সংগ্ৰহৰ বাবে গ’লে আপুনি দিব লাগিব চৰিত্ৰৰ প্ৰমাণ পত্ৰ। হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ উপলক্ষে জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা।

প্ৰধানমন্ত্ৰী মোদীৰ সভাৰ প্ৰৱেশ পত্ৰ হৈ পৰিল Character certificate। চৰিত্ৰৰ প্ৰমাণপত্ৰ নিদিলে যাব নোৱাৰিব মোদীৰ সভালৈ। মোদীৰ সভালৈ যাবৰ বাবে সাংবাদিকৰ পৰা বিচৰা হৈছে চাৰ্টিফিকেট।

বুধবাৰে হিমাচল প্ৰদেশ ভ্ৰমণ কৰি ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। সভাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাব খোজা সাংবাদিকৰ পৰা বিচাৰিছে চৰিত্ৰৰ প্ৰমাণপত্ৰ ।