Girl trapped in borewell in Rajasthan pulled out after 10 days:অৱশেষত ১০দিনৰ অন্তত গভীৰ কুঁৱাৰৰ পৰা উদ্ধাৰ হ’ল ৩ বছৰীয়া চেতনা

নেশ্যনেল ডেস্ক,২জানুৱাৰী : অৱশেষত ১০দিনৰ অন্তত গভীৰ কুঁৱাৰৰ পৰা উদ্ধাৰ হ’ল ৩ বছৰীয়া চেতনা।এনডিআৰএফৰ জোৱানে চেতনাক উদ্ধাৰ কৰি লগে লগে জিলাখনৰ বিডিএম হাস্পতাললৈ লৈ যায় ।
উল্লেখ্য যে, উন্মুক্ত কুঁৱাত পৰিছিল ৩ বছৰীয়া চেতনা।বুধবাৰে প্ৰায় ১৭০ ফুট গভীৰতাত খনন কৰি থকা দলে চেতনাৰ অৱস্থান গম পাইছিল । তাৰ পিছত তেওঁক বাহিৰলৈ উলিয়াবলৈ অন্তিম পৰ্যায়ৰ উদ্ধাৰ অভিযান চলোৱা হৈছিল(Girl trapped in borewell in Rajasthan pulled out after 10 days)।
ঘটনাস্থলীত এম্বুলেন্স আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল । বিডিএম হাস্পতালত বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । ইয়াৰ পূৰ্বে চেতনাক কুঁৱাৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াবলৈ কেইবাবাৰো চেষ্টা চলোৱা হৈছিল । ৫ বাৰতকৈ(3-year-old girl pulled out of borewell after 10-day rescue operation) ।
অৱশেষত ১০ দিনৰ অন্তত অৱশেষত উন্মুক্ত তথা গভীৰ কুঁৱাৰ ভিতৰৰ পৰা চেতনাক উলিয়াই অনা হ’ল । বিগত ১০ দিন ধৰি চলি থকা উদ্ধাৰ অভিযানৰ মাজতে বুধবাৰে বিয়লি উদ্ধাৰকাৰী দলে চেতনাক বিচাৰি পাইছিল । কুঁৱাটোৰ পৰা এএছআই মহাবীৰ সিঙে চেতনাক লৈ বাহিৰলৈ ওলাই আহে । তাৰ পাছত এনডিআৰএফৰ জোৱানসকলে ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যায়।
লগতে পঢ়ক :Happy New Year 2025: পুৰণিক বৰ্ষক বিদায় ,নতুনক বছৰক আদৰণি