Girl stabbed at Lastgate dies at GMCH: মহিলাৰ বাবে সুৰক্ষিত নহয় নেকি মহানগৰ ?গুৱাহাটীৰ লোমহৰ্ষক ঘটনাৰ A to Z
নিউজ ডেস্ক,২৭ডিচেম্বৰ : এক লোমহৰ্ষক ঘটনাই জোকাৰি গ’ল গুৱাহাটী মহানগৰী। বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত সংঘটিত হ’ল গাৰ নোম শিয়ৰি উঠা এই ভয়ংকৰ ঘটনা। ৰেপিড’ৰ বাবে ৰৈ থকাৰ সময়তে এগৰাকী যুৱতীক ছুৰীৰে আক্ৰমণ কৰিলে এইজন পাষান ভুপেন দাসে। মৃত যুৱতী মোচমী গগৈ ngo এটাত কৰ্মৰত হৈ আছিল। সদায় ৰেপিড বুক কৰি নিজৰ কামলৈ যায় মোচুমী গগৈ।আজিও ৰেপিড বুক কৰি ৰেপিডৰ কাৰণে অফেক্ষা কৰি আছিল মোচুমী গগৈ।ৰেপিড চালক জনেও উপস্থিত হৈছিল তেনেতে এখন বগা ৰঙৰ ছুইফ্ট ডিজায়াৰ বাহনেৰে ভুপেন দাস আহি মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিৰে হানি-খুচি মুৰ্মূষু অৱস্থাত পেলাই থৈ পলায়ন কৰে ।
যুৱতীগৰাকীক ছুৰিৰে হানি-খুচি মুৰ্মূষু অৱস্থাত পেলাই থৈ পলায়ন কৰে যদিও তাৰ পিছতেই চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলালে ভূপেন দাসে। আহত ভূপেন বৰ্তমান জিএমচিএইচত চিকিৎসাধীন। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীৰ ঘৰ টিংখঙত। পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মৌচুমী। কেইবছৰমান পূৰ্বে এক দুৰ্ঘটনাত মৃত্যু হৈছিল মৌচুমীৰ স্বামীৰ। স্বামীৰ মৃত্যুৰ পিছতে শহুৰেকৰ অত্যাচাৰত ঘৰলৈ উভতি আহিছিল মৌচুমী। তাৰ পিছতে গুৱাহাটীলৈ আহি এটা NGOত কৰ্মৰত আছিল যুৱতীগৰাকী। গুৱাহাটীতে চিনাকি হৈছিল ভূপেন দাসৰ সৈতে। তাৰ পিছত দুয়োৰে মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক(Girl stabbed at Lastgate dies at GMCH)।
ইফালে ভূপেন দাসো বিবাহিত। পত্নীৰ লগতে আছে দুই কন্যা। গুৱাহাটীৰ বশিষ্ঠত থাকে ভূপেন দাসৰ পৰিয়াল। পেছাত ভূপেন এজন বাছ চালক। কিন্তু মাজে মাজে গাড়ী ভাড়ালৈ লৈ চলাইছিল। দুবছৰ ধৰি ভূপেন দাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ। কিন্তু ভূপেন যে বিবাহিত সেই কথা গম পোৱা নাছিল মৌচুমীয়ে। কিছুদিন পূৰ্বে মৌচুমীয়ে জানিব পাৰিছিল ভূপেন বিবাহিত বুলি। আৰু তাৰ পিছৰে পৰা ভূপেনৰ সৈতে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল মৌচুমীয়ে। কিন্তু মৌচুমীৰ অৱহেলা সহ্য হোৱা নাছিল ভূপেনৰ। প্ৰায়ে আহি মৌচুমীৰ ভাড়াঘৰৰ সন্মুখত ৰৈ আছিল ভূপেন। ফোনযোগে নিজকে শেষ কৰি দিয়াৰ ভাবুকিও দিছিল।
ভূপেন দাসৰ ভাবুকি সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দিছিল মৌচুমীয়ে।কিন্তু ভূপেন দাস হাজিৰ হোৱা নাছিল থানাত।
দুবছৰ পূৰ্বে বিহুত মৌচুমীক লৈ ভূপেনে মৌচুমীহঁতৰ ঘৰলৈ ফুৰিবলৈও গৈছিল। কালি সন্ধিয়া ৫ বজাৰ পৰা ৮.৩০ বজালৈ দুয়ো একেলগে আছিল। আজি মৌচুমীৰ গোচৰৰ মীমাংসাৰ কথা আছিল। দুয়ো বুজাবুজি হৈছিল। কিন্তু তাৰ পূৰ্ব ভূপেনে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা। জিএমচিএইচত চিকিৎসাধীন ভূপেনৰ পাৰ্চত উদ্ধাৰ হৈছে মৌচুমীৰ প্ৰায় ২০ খন ফটো।ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়হতলীৰ মালাকৰ চুবুৰীত। বৰ্তমান ভূপেনৰ গাঁৱৰ ঘৰত কোনো নাই। মাতৃ আছে যদিও ঘৰত উপস্থিত নাই কোনো লোক। পত্নী আৰু দুই কন্যাৰ সৈতে গুৱাহাটীত থাকে ভূপেন। গুৱাহাটীত কেইবাবছৰ ধৰি গাড়ী চলাই জীৱন নিৰ্বাহ কৰিছিল ভূপেনে।
লগতে পঢ়ক :Hatsingimari News: মানকাচৰৰ বিভিন্ন ঠাইত চলিছে বন ধ্বংসৰ প্ৰতিযোগিতা; কিয় নিৰৱ বন বিভাগ ?