Girl Goes Missing From Sarthebari : সৰ্থেবাৰীৰ বৰঘোপাৰ পৰা নিৰুদ্দেশ ছাত্ৰী
সৰ্থেবাৰী,২১ মাৰ্চ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য( Girl Goes Missing From Sarthebari)।
সৰ্থেবাৰীৰ বৰঘোপাৰ পৰা ছাত্ৰী নিৰুদ্দেশ। বিগত তিনি দিন ধৰি নিৰুদ্দেশ মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰী গৰাকী ।
সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰঘোপাত ছাত্ৰী নিৰুদ্দেশে এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
জানিব পৰা মতে, নিৰুদ্দেশ ছাত্ৰী গৰাকীৰ নাম চুইটি ডেকা।ছাত্ৰী গৰাকী চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি জনাইছে পৰিয়ালৰ লোকে(Girl Goes Missing From Sarthebari) ৷
ইতিমধ্যে ছাত্ৰীৰ গৰাকীৰ পৰিয়ালৰ লোকে মাজদিয়া আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে মাজদিয়া আৰক্ষীয়ে ছাত্ৰী গৰাকীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে৷
কোনো লোকে ছাত্ৰী গৰাকীক দেখা পালে 9678620603 নম্বৰত যোগাযোগ কৰাৰ লগতে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে পৰিয়ালে৷ উল্লেখযোগ্য যে মাতৃহীনা ছাত্ৰীগৰাকীৰ নিৰুদ্দেশক লৈ চিন্তাত ভাগি পৰিছে পিতৃ।
লগতে পঢ়ক : killer Ratul Roy sentenced to life imprisonment : অৰুণ-অনিতাৰ হত্যাকাৰী ৰাতুল ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড