Local, Vocal, Global

Girl Goes Missing From Dhing : ধিঙৰ পৰা নিৰুদ্দেশ দুই কিশোৰী

ধিং, ২ মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য( Girl Goes Missing From Dhing)।এইবাৰ ধিঙত একেদিনাই নিৰুদ্দেশ হয় কেইবাগৰাকীও যুৱতী। মঙলবাৰে ধিঙৰ লহকৰঘাটৰ এখন ঘৰৰ পৰাই দুগৰাকীকৈ কিশোৰী একেদিনাই নিৰুদ্দেশ হয় ।

জানিব পৰা মতে,ধিঙৰ লহকৰঘাটৰ জয়নাল আবেদিন নামৰ লোকজনৰ দুই জীয়ৰী ফাৰজিনা ইয়াছমিন আৰু ছাৰজিনা ইয়াছমিন ধিং বজাৰলৈ কিতাপ কিনিবলৈ গৈছিল আৰু তাৰ পিছৰে পৰা আজিলে ঘৰলৈ ওভতি নাহিলে দুই কিশোৰীয়ে ।নিৰুদ্দেশ হোৱা কিশোৰী দুগৰাকী । ধিং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অষ্টম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত আছিল ।বিগত দুদিন ধৰি দুই জীয়ৰীৰ সন্ধান নাপাই এতিয়া পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইফালে একেদিনাই ধিঙৰ পৰা আন এগৰাকী কম বয়সীয়া বোৱাৰীও ধিং বজাৰলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হোৱা ঘটনাই এতিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনাৰ আঁৰত নাৰীদেহ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ স্থানীয় লোকৰ।

ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো শুং সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। সমগ্ৰ বিষয়টো আৰক্ষী প্ৰশাসনে গুৰুত্ব সহকাৰে লবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক : barak brahmaputra train services suspended due to heavy rains : প্ৰৱল বৃষ্টিপাতৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ ৰে’ল সেৱা