Local, Vocal, Global

Girl Goes Missing From Dhemaji :ধেমাজিৰ বৰদলনিৰ নিৰুদ্দেশ হয় ৩ গৰাকী কিশোৰী

নিউজ ডেস্ক, ১৬জুলাই : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। এইবাৰ ধেমাজিত নিৰুদ্দেশ ঘটনা(Girl Goes Missing From Dhemaji)।

একে দিনাই ধেমাজিৰ বৰদলনিৰ নিৰুদ্দেশ হয় ৩ গৰাকী কিশোৰী । কিশোৰী নিৰুদ্দেশক লৈ এতিয়া ধেমাজিৰ বৰদলনিত সৃষ্টি হৈছে চাঞ্চল্য।

জানিব পৰা মতে, দেওবাৰৰ পৰা সন্ধানহীন হৈ কিশোৰী ৩গৰাকী। কৃষ্ণপুৰৰ পৰা সন্ধানহীন হয় কিশোৰী তিনিগৰাকী। সন্ধানহীন কিশোৰী তিনিগৰাকী অঞ্জনা বৰ্মন, সোণালী বৰ্মন, পল্লৱী বৰ্মন বুলি জানিব পৰা গৈছে । বৰ্তমান ঘটনা সন্দৰ্ভত বৰদলনি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।

কোনো সদাশয় ব্যক্তিয়ে যদি নিৰুদ্দেয কিশোৰী তিনিগৰাকীৰ সন্ধান পাই তেন্তে এই নম্বৰৰ 60034-90312, 84730-73200ত যোগাযোগৰ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : Dead body found in Kampur : কামপুৰৰ ৰে’লৱে কলনিত উদ্ধাৰ যুৱকৰ মৃতদেহ