WATCH | Geleky News : জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত গেলেকীত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
গেলেকী,২জুন : জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত গেলেকীত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ।
গেলেকী চাৰিআলিৰ পৰা ন-পাম বাৰুৱতী সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সংগঠনকেইটাৰ(Geleky News)।
বিগত সময়ছোৱাত লোক নিৰ্মাণ বিভাগ আৰু অএনজি চিৰ কতৃপক্ষই পথচোৱা নিৰ্মাণত হেমাহি কৰাৰ অভিযোগ আনি পথচোৱা অৱৰোধ কৰে সংগঠন দুটাই ।
উল্লেখযোগ্য যে, বিগত সময়চোৱাত পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ লগত আলোচনা কৰিছিল যদিও সেইয়া ফলপ্ৰসূ হৈ নুঠিল । যাৰ বাবে পুনৰ পথচোৱা অৱৰোধ কৰে সংগঠন দুটাই । এই কাৰ্যসূচীত সহযোগ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : নগাঁৱত উষ্ম আদৰণি অসম প্ৰদেশ কংগ্ৰছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক