Local, Vocal, Global

WATCH | Geleki News : টাইপাৰ উদ্যোগত গেলেকীত পথ অৱৰোধ কাৰ্যসূচী

গেলেকী,২৪মাৰ্চ : টাইপাৰ উদ্যোগত গেলেকীত পথ অৱৰোধ কাৰ্যসূচী।

টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত নাজিৰাৰ গেলেকী নাজিৰা সংযোগী ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পুৱা ৫ বজাৰ পথ অৱৰোধ কৰাৰ ফলত সম্পূৰ্ণৰূপে যান বাহন সমূহ চলাচল বন্ধ হৈ পৰে(Geleki News)।

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ ONGC ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰতিবাদকাৰী সকল ।

প্ৰতিবাদস্থলীত যথেষ্ট আৰক্ষী মোতায়েন কৰে প্ৰশাসনে ।

গেলেকীৰ মৰাণ গাওঁ,লাহন গাওঁ,ৰঙাগড়া আদি কেইবাখনো গাঁৱত কৃত্ৰিম বানপানী সমস্যা ৰোধ কৰা দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।

টাইপা শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে গেলেকী ৰাইজে অংশগ্ৰহণ কৰে এই পথ অৱৰোধ কাৰ্যসূচীত।

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা গৌ বেক, বিজেপি মূৰ্দাবাদ আদি শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে।

পথ অৱৰোধ কাৰ্যসূচীৰ যোগেদি ONGC বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে।

লগতে পঢ়ক : WATCH | Massive fire breaks out: মঙলদৈ ২ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড