Local, Vocal, Global

WATCH | Gelekey News: ষষ্ঠ দিনাও অব্যাহত গেছ নিৰ্গমন

গেলেকী,১৮জুন : সাত দিনে শিৱসাগৰৰ ভটীয়াপাৰ বাৰী চুকৰ অ এন জি চিৰ গেছ নিৰ্গমনক লৈ শংকিত সাধাৰণ জনতা ৷

গেছ নিৰ্বাপন কৰিব নোৱাৰা অ এন জি চিৰ বিৰুদ্ধে আজি নাজিৰাৰ অ এন জি চিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে অসমীয়া যুৱ মঞ্চ‌ই ৷

যোৱা বৃহস্পতিবাৰৰ পৰা সাতদিন ধৰি ভটীয়াপাৰৰ বাৰীচুকত অ’এন জি চিৰ ভয়ংকৰ গেছ নিৰ্গমনে শংকিত কৰি তুলিছে সাধাৰণ জনতাক,ভাবুকি আহি পৰিছে জীৱকুললৈ৷

অ এন জি চিৰ এই ভয়ংকৰ গেছ নিৰ্গমন আজি সাতদিনে নিৰ্বাপিত কৰিব পৰা নাই তেল,প্ৰাকৃতিক গেছ নিগমে(Gelekey News)৷

ভটীয়াপৰৰ বাৰী চুকত বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱা আশংকাই এতিয়া বিৰাজমান কৰা পৰিলক্ষিত হৈছে৷

অ এন জি চিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতাৰ লগতে দল-সংগঠন৷

আজি নাজিৰাৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে৷

এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীয়ে অ এন জি চিৰ কাৰ্য্যবাহী সঞ্চালক(ED) ভাস্কৰ চৌধুৰীৰ পুত্তলিকা দাহ কৰিবলৈ আহে যদিও আৰক্ষীৰ সৈতে হতাহতি হয় প্ৰতিবাদকাৰীৰ৷

সংগঠনটোৱে উত্তাল কৰি তোলে নাজিৰাৰ অ’,এন,জি,চিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত৷

লগতে পঢ়ক : WATCH | Nagaon Pressmeet : নগাঁও প্ৰেছ ক্লাবত নগাঁও জিলা NSUI ৰ সংবাদমেল