Local, Vocal, Global

WATCH | Gelakey News: পুনৰ শংকৰদেৱ সংঘ ত্যাগ কৰিলে এটা পৰিয়ালে

গেলেকী,২৬ফেব্ৰুৱাৰী : গহপুৰৰ চন্দ্ৰ বৰুৱাৰ গাঁৱৰ ১৭ টা পৰিয়ালে শংকৰদেৱ সংঘ ত্যাগ পাছতেই শিৱসাগৰৰ নামতিয়াল গাঁৱৰ এটা পৰিয়ালে ত্যাগ কৰিলে শংকৰদেৱ সংঘ।

ৰাজ্যত শ্রীমন্ত শংকৰদেৱ সংঘ আৰু আহোমৰ মাজত চলি থকা শেহতীয়া বিতৰ্ক চলি থকাৰ মাজতেই শিৱসাগৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শলগুৰি আঞ্চলিক শাখাৰ অন্তৰ্গত কালুগাঁও প্ৰাৰ্থমিক শাখাৰ নামতিয়াল গাঁৱৰ অনিল কুমাৰ নেওগৰ পৰিয়ালটোৱে আনুষ্ঠানিক ভাৱে শংকৰ সংঘ ত্যাগ কৰিছে(Gelakey News)।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কালুগাঁও প্ৰাথমিক শাখাৰ সভাপতি দিপেন দহোটীয়া হাতত অনিল কুমাৰ নেওগে পৰিয়ালৰ সৈতে ত্যাগ পত্ৰ অৰ্পণ কৰে ।

উল্লেখযোগ্য যে, পৰিয়ালটোৱে বৈষ্ণৱ পণ্ডিত প্ৰয়াত সোণাৰাম চুতীয়া তত্ত্বাবধানত ১৯৭২ চনত শংকৰদেৱ সংঘত যোগদান কৰি সংগী হিচাপে বৰ্তমান সময়লৈকে আছিল ।

কিন্তু বর্তমান মে-ডাম-মে-ফিকে ধৰি কিছু বিষয়ত সংঘৰ স্থিতিৰ অসন্তুষ্টি প্ৰকাশ কৰি শ্রীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰিছে বুলি অৱগত কৰিছে পৰিয়ালটোৱে।

পৰিয়ালটোৰ অনিল কুমাৰ নেওগৰ লগতে সহ ধর্মিনী বুলিৰানী নেওঁগ, পুত্র নুপূৰ নেওগ, বোৱাৰী দীক্ষিতা বৰা নেওগে শংকৰদেৱ সংঘ পৰা ত্যাগ কৰিছে।

লগতে পঢ়ক :WATCH | Drugs peddler arrested along with drugs: মাকুমত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক