WATCH | Gelakey News: নাজিৰাৰ সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান যুৱ ছাত্ৰ পৰিষদ
গেলেকী,২৪ফেব্ৰুৱাৰী : নাজিৰাৰ সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান যুৱ ছাত্ৰ পৰিষদৰ ।
পথ নিৰ্মাণত দেখা দিয়া বিসংগতিৰ সমাধান বিচাৰি নাজিৰাৰ সমজিলাৰ আয়ুক্তক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান
নাজিৰাৰ শিমলুগুৰিৰ আৰু নাগিনীমৰা সংযোগী ৰমনী আলি পথটো বহু বছৰ ধৰি পৰিত্যক্ত থকাত কেইবাটাও দল সংগঠনে প্ৰতিবাদৰ ফলস্বৰূপে BRO(border Road Organization) কিছুদিন আগৰ পৰা মেৰামতি কাম আৰম্ভ কৰিছিল(Gelakey News)।
উল্লেখযোগ্য যে, প্ৰশাসনৰ ফালৰপৰা নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত গধুৰ যান বাহন চলাচল বন্ধ কৰা নিৰ্দেশনা দিছিল যদিও চালকসকলে চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি ১৬/১৮ চকীয়া বাহন পথটোৰ ওপৰত চলাচল কৰাত পথটিৰ নিৰ্মাণত বিসংগতি দেখা দিয়ে।
সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পথটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত গধুৰ যান বাহন চলাচল বন্ধ কৰিবলৈ দাবী জনাই নাজিৰা সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।
লগতে পঢ়ক:WATCH | Jhumoir Binandini : ঐতিহাসিক ক্ষণৰ বাবে সাজু সৰুসজাই ষ্টেডিয়াম