Local, Vocal, Global

WATCH | Gelakey News : অ’ এন জি চিৰ চুৰি সামগ্ৰীৰ উদ্ধাৰ কৰিলে এটা পুখুৰীৰ পৰা

গেলেকী,১৭জুন : গেলেকীৰ আৰক্ষীৰ বৃহৎ সফলতা।

অ’ এন জি চিৰ চুৰি সামগ্ৰীৰ উদ্ধাৰ কৰিলে এটা পুখুৰীৰ পৰা ।

এক গোপন সূত্ৰৰ পম খেদি আজি আবেলি গেলেকী আৰক্ষীয়ে উদ্ধাৰ কৰিছে অ’এন জি চিৰ তৈলখাদত ব্যৱহৃত দুটাকৈ মূল্যবান ভেল্ব ।

দেওপানী মিছাজানৰ মধ্যভাগৰ পথৰ কাষত থকা এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰে ভেল্ব দুটা(Gelakey News)।

কোনো অচিনাক্ত দুৰ্বৃত্তই পুখুৰীত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে ।

উল্লেখযোগ্য যে কিছুদিন আগত এনে বহু মূল্যবান সামগ্ৰী চুৰি হৈছিল অ’ এন জি,চিৰ বিভিন্ন খাদৰ পৰা ।

অ’এন জি চিৰ এটা নিৰাপত্তা সংস্থা আছে যদিওঁ এই চুৰি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ।

লগতে পঢ়ক :WATCH | Nagaon News : ‘অসমত বাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহক আমি অসম গণ পৰিষদে এটা সুস্থিৰ ৰূপত নেতৃত্ব দিব বিচাৰোঁ’