Local, Vocal, Global

WATCH | Gelakey News : গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ সৌজন্যত অভিনন্দন বঁটা প্ৰদান অনুষ্ঠান

গেলেকী,১৫মে’ : গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ সৌজন্যত অভিনন্দন বঁটা প্ৰদান অনুষ্ঠান ।

গেলেকীৰ ছাত্ৰী প্ৰেৰণা গগৈলৈ মুক্তিযুদ্ধা লোকনাথ ৰাজখোৱা আৰু লেখিকা সোণেস্বৰী ৰাজখোৱা সোঁৱৰণী শৈক্ষিক বঁটা ।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত গেলেকীৰ প্ৰেৰণা গগৈক এই বঁটা প্ৰদান ।

প্ৰেৰণা গগৈয়ে গেলেকী জাতীয় বিদ্যালয়ৰ পৰা তিনিটা বিষয়ত লেটাৰ মাৰ্ক লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে( Gelakey News)।

আজি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ বিষয়ববীয়াই ছাত্ৰী গৰকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

সম্বৰ্দ্ধনা জ্ঞাপন কৰি ছাত্ৰী গৰাকীৰ উজ্বল ভৱিষ্যতৰ কামনা কৰে শৈক্ষিক বিকাশ ন্যাসৰ বিষয়ববীয়া সকলে।

লগতে পঢ়ক : WATCH | Doom Dooma News : জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত ডুমডুমাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ