Local, Vocal, Global

Gelakey News:মিছাজান নামদঙ্গীয়া গাওঁত গৰাকী বিহীন গৰু উদ্ধাৰ

গেলেকী,৮জানুৱাৰী : নামতি থানাৰ অন্তৰ্গত মিছাজান নামদঙ্গীয়া গাওঁত গৰাকী বিহীন গৰু উদ্ধাৰ ।

এখন বাগানৰ মাজত বান্ধি থোৱা অৱস্থাত বগা আৰু কলা ৰঙৰ দুটা গৰু পুৱাই প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ।

কোনো চুৰি চক্ৰ‌ই চোৰ কৰি আনি বান্ধি থৈ যোৱাৰ সন্দেহ ।

ততাতৈয়াকৈ গাওঁৰক্ষী বাহিনীৰ সহযোগত নামতি আৰক্ষীক খবৰ দিয়ে ৰাইজে(Gelakey News)।

নামতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰে গৰু দুটা ।

কেইমাহমানৰ পূৰ্বে এই ঠাইৰ মাজেদি ম’হ চোৰ কৰিছিল এটা চক্ৰ‌ই ।

আজি পুনৰ এই ঠাইতে দুটা গৰকী বিহীন গৰু উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Mushalpur ABSU protest: মুছলপুৰত এবছুৰ অৱস্থান ধৰ্মঘট