Local, Vocal, Global

WATCH | Gelakey News : নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী

গেলেকী,২৮এপ্ৰিল : নামতিত আছুৰ পথ অৱৰোধ ।

ঐতিহাসিক ধোদৰ আলি নামতি চাৰি আলিৰ পৰা আমগুৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা তথা তাৎক্ষণিকভাৱে মেৰামতি কৰাৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী ।

নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ।

উল্লেখযোগ্য যে বিগত বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰি আছে ঐতিহাসিক ধোদৰ আলি ।

প্ৰাৰম্ভিক পৰ্যায়ত পথচোৱা নিৰ্মাণৰ বাবে অসম মালাৰ অধীনত এজন ঠিকাদাৰে নিবিদা লাভ কৰিছিল(Gelakey News)।

ঠিকাদাৰে পথচোৱা নিৰ্মাণৰ বাবে পুৰণি পথচোৱা খাণ্ডি পেলাইছিল আৰু পৰৱৰ্তী সময়ত আধাতে কাম সামৰিছিল

যাৰ বাবে পথচোৱায়ে দি যাতায়ত কৰা যাত্ৰী লগতে স্থানীয় লোকে জীয়াতু ভুগিবলগীয়া হৈছে ।

শেহতীয়াকৈ চৰকাৰে পুনৰ পথচোৱা মেৰামতিৰ বাবে এটা পুঁজি আৱৰ্তন কৰা হৈছিল যদিও আজিৰলৈকে কাম আৰাম্ভ নকৰাৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে ।

যাৰ পৰিপ্ৰেক্ষিতত আজি সদৌ অসম ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

পথ অৱৰোধ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলে ।

লগতে পঢ়ক : WATCH | Dhing News : সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামনি বৰাৰ গাড়ী আক্ৰমন কৰা দুৰ্বৃত্তক চিনাক্ত অসম আৰক্ষীৰ