Local, Vocal, Global

WATCH | Gelakey News : গেলেকীৰ নাগৰিক সমাজৰ সম্বৰ্দ্ধনা অনুষ্ঠান

গেলেকী,২১এপ্ৰিল : গেলেকীৰ নাগৰিক সমাজৰ সম্বৰ্দ্ধনা অনুষ্ঠান ।

ৰঙালী বিহুৰ ওলগনি অনুষ্ঠানৰ লগতে ৰঙালী বিহুৰ লগত সংগতি ৰাখি গেলেকীৰ নাগৰিক সমাজৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান ।

২০১৭ চনত প্ৰতিষ্ঠা হোৱা গেলেকী নাগৰিক সমাজে বিভিন্ন সময়ত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিক সন্মান জনাই আহিছে ।

আজি ৰঙালী বিহুৰ লগত সংগতি ৰাখি গেলেকী অঞ্চলৰ পাঁচজন বিশিষ্ট ব্যক্তিক ৰঙালীৰ ওলগ জনোৱাৰ লগতে সম্বৰ্দ্ধনা জনোৱা হয় ।

সম্বন্ধিত ব্যক্তিসকলৰ ভিতৰত আছিল গেলেকী মৰাণ গাঁৱৰ নিবাসী সমাজকৰ্মী,পাঠেকী, সাতোলা শ্ৰীযুত বিশ্বেশ্বৰ গগৈ , শ্ৰীযুত মহেন্দ্ৰ মৰাণ সমাজকৰ্মী,পাঠেকী , শ্ৰীযুত অমূল্য বৰুৱা প্ৰাক্তন ভাৰতীয় সেনা জোৱান , পাঠেকী , শ্ৰীযুত বিনয় গগৈ , প্ৰাক্তন ভাতীয় সেনা বিষয়া , সমাজ কৰ্মী, শিঙিবিল গাঁৱৰ নিবাসী প্ৰাক্তন শিক্ষক ও সমাজকৰ্মী শ্ৰীযুত লক্ষেশ্বৰ কোঁৱৰ(Gelakey News)।

এই সম্বৰ্দ্ধনা কাৰ্যসূচী ২০১৭ চনৰ পৰা ধাৰাবাহিক ভাৱে অব্যাহত ৰখা বুলি জানিব দিয়ে নাগৰিক সমাজৰ বিষয়ববীয়া সকলে । উঠি অহা প্ৰজন্ম‌ই বিহুৰ সময়ত জেষ্ঠ জনক জনোৱা সন্মান , মৰম শ্ৰদ্ধা অনাদি অনন্ত কাললৈ যাতে অক্ষুন্ন থাকিব পাৰে তাৰ বাবে এক আদৰ্শ স্বৰূপ হব এই সম্বৰ্দ্ধনা অনুষ্ঠান।

লগতে পঢ়ক : WATCH | Bhitali Das 4th death anniversary : আজি কন্ঠশিল্পী ভিতালী দাসৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী