WATCH | Gelakey News : নামতি দেউঘৰীয়াত ৰাইজৰ প্ৰতিবাদ

গেলেকী,১০এপ্ৰিল : নামতি দেউঘৰীয়াত ৰাইজৰ প্ৰতিবাদ ।
Assam resilient Rural bridge programme 2024-25 বৰ্ষৰ অধীনত নিৰ্মাণ হ’ব লগীয়া দেউঘৰীয়া পথৰ পকী দলং নিৰ্মাণত পুৰণি লোহাৰ দলং ভাঙি পেলোৱাক লৈ স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ।
পকী দলং নিৰ্মাণ কৰিবলৈ পুৰণি লোহাৰ দলং ভাঙি পেলাবলৈ লৈছে ঠিকাদাৰে ।
পুৰণি দলংখন ভাঙি পেলোৱাৰ আগত যিখন উপ-দলং ঠিকাদাৰে নিৰ্মাণ কৰিছে সেই দলংখনক লৈ মুঠেই সুখী নহয় স্থানীয় ৰাইজ(Gelakey News)।
যাতায়তৰ বাবে তীব্ৰ সমস্যাৰ সম্মুখীন হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।
উল্লেখ্য যে বৰ্তমান বাঁহেৰে সৰুকৈ নিৰ্মাণ কৰা উপ- দলঙখনেদি জৰুৰীকালীন অৱস্থাত চাৰিচকীয়া বাহন পাৰ কৰাটো একেবাৰে অসম্ভৱপৰ ।
লগতে সমাগত বাৰিষাৰ সময়ত নৈৰ প্ৰৱাল সোঁতে একেদিনাই মহতিয়াই লৈ যাব বাঁহৰ দলংখন ।
স্থানীয় ৰাইজে পকী দলং নিৰ্মাণ কৰাৰ পূৰ্বে এখন মজবুত উপ-দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।
এই বিষয়ে স্থানীয় ৰাইজে জিলা প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰিব বুলি উল্লেখ কৰিছে ।
লগতে পঢ়ক : WATCH | Abhayapuri News : বিহুৰ পূৰ্বে অসমীয়াৰ স্বাভিমানত আঘাত