Local, Vocal, Global

WATCH | Gelakey News : গেলেকীৰ অসম-নাগালেণ্ড সীমান্তত বিহু নাচৰ আখৰাৰ সামৰণি অনুষ্ঠান

গেলেকী,৭এপ্ৰিল : গেলেকী ন-পুখুৰী শাখা সাহিত্য সভাৰ কুঁহি উপ-সমিতি আৰু সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত বিহু নাচ আখৰাৰ সামৰণি অনুষ্ঠান।

অসম নাগালেণ্ড সীমান্তৱৰ্তী চৰ‌ইসজীয়া অনুষ্ঠিত হৈছিল এই বিহু নাচৰ আখৰা ।

যোৱা ইংৰাজী ২৬ মাৰ্চত শুভাৰম্ভণি হোৱা এই আখৰৰ আজি সামৰণি পৰে(Gelakey News)।

২৬ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই বিহু নাচৰ আখৰাত যথেষ্ট সংখ্যক কিশোৰীয়ে অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে।

আজি বিহু নাচৰ আখৰাৰ সামৰণি অনুষ্ঠানত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

আজিৰ এই সামৰণি অনুষ্ঠান ভালে কেইজন বিশিষ্ট আমন্ত্ৰিত অতিথি উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Mangaldoi News : মঙলদৈত এইবাৰ চোৰৰ টাৰ্গেত বিদ্যালয়ৰ সামগ্ৰী