Local, Vocal, Global

WATCH | Gelakey News : চাহ বাগিচা কৰ্তৃপক্ষৰ ভুলৰ বাবেই মৃত্যু মুখত পৰিছে কুৰিৰো অধিক পশুধন

গেলেকী,৪এপ্ৰিল : গেলেকীৰ মেকিপুৰ চাহ বাগিচাত অঘটন।

চাহ বাগিচা কৰ্তৃপক্ষৰ ভুলৰ বাবেই মৃত্যু মুখত পৰিছে কুৰিৰো অধিক পশুধন ।

এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মেকিপুৰ চাহ বাগিচাত(Gelakey News)।

চাহ বাগিচাত প্ৰয়োগ কৰা দৰৱ খাই মৃত্যু মুখত পৰিছে বহু সংখ্যক গৰু ছাগলীৰ।

মেকিপুৰ চাহ বাগিচাৰ পৰিচালকৰ দ্বায়িত্বজ্ঞানহীন কৰ্ম কাণ্ডৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

গেলেকী আৰক্ষী প্ৰশাসনৰ জড়িয়তে বাগিচা কৰ্তৃপক্ষৰ ওপৰত ক্ষতি পূৰণৰ দাবী জনাইছে ভোক্তভোগী ৰাইজে।

লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডৰ মাজমজিয়াত আমছু’ৰ প্ৰতিবাদ