WATCH | Gelakey News :অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ ১৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

গেলেকী,১৬মাৰ্চ : অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ ১৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।
আমগুৰি চাহ বাগিচা শিৱ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।
কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ শিল্পী সবিতা ৰাজোৱাৰ,সাংবাদিক দামোদৰ কালিণ্ডী, অসম গৌৰৱ সন্মানেৰে সন্মানিত কণ্ঠশিল্পী ৰাম চাচনী,সাংবাদিক প্ৰকাশ কুৰ্মীকে ধৰি চাহ জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতি বিভিন্ন দিশলৈ অৱদান আগবঢ়োৱা ব্যক্তিক সম্বৰ্দ্ধনা জনায়(Gelakey News)।
অসম চাহ জনগোষ্ঠী সাহিত্য সভাই চাহ জনগোষ্ঠীটোৰ নৱ প্ৰজন্মৰ লেখক-লেখিকা সকলক গুৰুত্ব দিয়া বুলি উল্লেখ কৰে।
অসমৰ বৰ্ণাঢ্য সংস্কৃতিত চাহ জনগোষ্ঠী লোকসকলে একতা আৰু সমন্বয়েৰে নিজৰ স্বকীয়তা বজাই একেডাল সূতাৰে বান্ধ খোৱা বুলি কয়।
অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মন মোহন চিকে পৌৰোহিত্য কৰা মুকলি সভাত অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি, পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰহ্লাদ চন্দ্ৰ তাছা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক উপসভাপতি দেৱেন তাছা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি মনোমতী কুৰ্মীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Doul Festival : বৰপেটা দৌল মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ