Israel-Hamas war : অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা
ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।
বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে(Gazans confirm terrorists hide in hospitals, dress up as medical personnel)।
ইজৰাইল-হামাছৰ যুদ্ধৰ প্ৰায় ৪৭ দিনৰ পিছতো ইজৰাইলে ধাৰাবাহিকভাৱে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। ডেৰমাহ অতিক্ৰম কৰাৰ পিছতে যুদ্ধ যেন সাম কটাৰ নাম লোৱা নাই ।
ইজৰাইলৰ আক্ৰমণত হাজাৰ হাজাৰ সাধাৰণ জনতাই বিশেষকৈ পেলেষ্টাইনৰ নাগৰিকে অকালতে প্ৰাণ হেৰুৱাবলগা হৈছে । তাৰ মাজতে ইজৰাইলৰ জিম্মাত থকা গাজাবাসীয়ে ইজৰাইলৰ অনুসন্ধানকাৰী দলক এই কথা নিশ্চিত কৰিছে যে সন্ত্ৰাসবাদীয়ে গাজা চিকিৎসালয়ত সক্ৰিয়ভাৱে কাম কৰি আছে(Israel-Hamas war) ।
উল্লেখ্য যে, সোমবাৰে ইজৰাইলী সুৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা ভিডিঅ’ত দেখা গৈছে যে পেলেষ্টাইনী ৰেড ক্ৰিছেণ্ট ছ’চাইটীয়ে নিজকে গভীৰভাৱে জড়িত কৰি ৰাখিছে । এতিয়ালৈকে আইডিএফৰ সামৰিক চোৰাংচোৱা সঞ্চালকালয়ৰ ৫০৪ ইউনিটৰ হৈ দক্ষিণ ইজৰাইলৰ এটা শৰণাৰ্থী শিবিৰত ৫০০ পেলেষ্টাইনীক সোধাপোছা কৰা বুলি আইডিএফৰ সূত্ৰত প্ৰকাশ ।
সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে তিনিজন পেলেষ্টাইনীয়ে অনুসন্ধানকাৰীসকলক কৈছিল যে কেনেকৈ হামাছ, পেলেষ্টাইনী ইছলামিক জিহাদ আৰু অন্যান্য গোটৰ সন্ত্ৰাসবাদীসকলে শ্বিফা আৰু ৰাণ্টিচি চিকিৎসালয়ত লুকাই আছিল । ভিডিঅ’টোত থকা তিনিজন পেলেষ্টাইনীৰ মাজৰ দুজনক তেওঁলোকৰ নামেৰে চিনাক্ত কৰা হৈছে(Gazans confirm terrorists hide in hospitals, dress up as medical personnel) ।
আনহাতে, এজন আটকাধীন পেলেষ্টাইনীয়ে অনুসন্ধানকাৰীসকলক কৈছে যে অসামৰিক লোকৰ পোছাক পৰিধান কৰা সন্ত্ৰাসবাদীয়ে চিকিৎসালয়সমূহক কমাণ্ড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰি আছিল । আইডিএফৰ বিবৃতিটোত কোৱা হৈছে যে সন্ত্ৰাসবাদীসকলে প্ৰকাশ কৰা মতে কিছুমান সন্ত্ৰাসবাদী চিকিৎসাকৰ্মী হিচাপেও চিকিৎসালয়ত আছিল ।
তেওঁ কয় যে হামাছৰ কৰ্মী আৰু অন্যান্য সন্ত্ৰাসবাদী গোটৰ সদস্যসকল চিকিৎসালয়ৰ ভিতৰত থকাৰ বাবে চিকিৎসকসকল খং উঠিছিল । তেওঁ কিমানজন সন্ত্ৰাসবাদী দেখিছে বুলি সোধাত পেলেষ্টাইনীজনে উত্তৰ দিয়ে যে মই তেওঁলোকৰ বহুতক দেখিছিলোঁ। তেওঁলোকৰ সংখ্যা প্ৰায় ৮০ জনৰ পৰা ১০০ জনলৈ হ’ব । তেওঁ লগতে কয় যে তেওঁলোকে নাৰ্ছিং কৰ্মচাৰীৰ দৰে পোছাক পিন্ধিছিল, কিন্তু তেওঁলোক নাৰ্ছ বা চিকিৎসক নাছিল ।
ইফালে গাজাৰ হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ৰ এজন ইণ্টাৰনেট এপ্লিকেচন অভিযন্তা হামুদা ৰিয়াদ আছাদ শ্বামাল্লাহে কয় যে সন্ত্ৰাসবাদী গোটবোৰে ৰেড ক্ৰিচেণ্ট সংগঠনৰ সৈতেও একেলগে কাম কৰিছে, যাৰ এটা ১০ মহলীয়া অট্টালিকা আছে । তেওঁ লগতে কয় যে তেওঁ পত্নী আৰু তিনিগৰাকী কন্যাৰ সৈতে তালৈ গৈছিল । কিয়নো তেওঁ অনুভৱ কৰিছিল যে সেইটো এক সুৰক্ষিত ঠাই । তেওঁ আশ্ৰয় ল’ব বিচাৰিছিল যদিও সন্ত্ৰাসবাদীয়ে আহি তেওঁলোকক ভাবুকি দিছিল ।
লগতে পঢ়ক : Israeli troops kill 5 Palestinians : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ