Gaurisagar Rehab Center :পুনৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু
নিউজ ডেস্ক,২৩জুলাই : নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? কেৱল ধন সংগ্ৰহৰ কাৰখানালৈ পৰিণত হৈছে নেকি নিচামুক্তি কেন্দ্ৰসমূহ ? সম্প্ৰতি এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে ৷ কিয়নো প্ৰায়ই নিচামুক্তি কেন্দ্ৰসমূহত ইটোৰ পাচত সিটো অঘটন সংঘটিত হোৱা পৰিলক্ষিত হৈছে(Gaurisagar Rehab Center)।
পুনৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু। এইবাৰ গৌৰীসাগৰৰ এটা নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক ভাৱে মৃত্যু হয় এজন যুৱকৰ ।
অ’ভাৰ কম ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।নিহত যুৱকজনৰ নাম পলাশ চেতিয়া বুলি জানিব পৰা গৈছে। ২৫ বছৰীয়া পলাশৰ ঘৰ শিৱসাগৰৰ বেতবাৰীত।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।
লগতে পঢ়ক :Terrible incident:আৰক্ষীৰ বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ