Local, Vocal, Global

Gauripur Youth goes missing: মুম্বাইলৈ কাম কৰিবলৈ গৈ নিৰুদ্দেশ ধুবুৰী জিলাৰ গৌৰীপুৰৰ যুৱক

নিউজ ডেস্ক,৬ফেব্ৰুৱাৰী : পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক । এইবাৰ ধুবুৰী জিলাৰ গৌৰীপুৰ নগৰৰ যুৱক নিৰুদ্দেশ ।

ধুবুৰী জিলাৰ গৌৰীপুৰ নগৰৰ যুৱক এজন মুম্বাইৰ পৰা ঘৰলৈ আহি থকা সময়তে নিউ জলপাইগুড়িৰ পৰা সন্ধানহীন হয়।

জানিব পৰা মতে, গৌৰীপুৰ নগৰৰ ৫ নং ৱাৰ্ডৰ বিশ্বজিত বিশ্বাস নামৰ যুৱকজন ৫২ দিন পূৰ্বে মুম্বাইলৈ কাম কৰিবলৈ গৈছিল। মুম্বাইৰ পৰা যুৱকজনে ঘৰলৈ আহি থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰে যদিও যোৱা মঙলবাৰত যুৱকজনে নিউ জলপাইগুৰি লৈ আহি পোৱা বুলি জনোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ লগত তেওঁ‌ৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। নিউ-জলপাইগুড়িৰ পৰা যুৱকজন নিৰুদ্দেশ হয় বুলি পৰিয়ালৰ লোকে ধাৰণা কৰিছে(Gauripur Youth goes missing)।

আনহাতে পৰিয়ালৰ লোকৰ লগত কোনো ধৰণৰ যোগাযোগ নোহোৱাত হতাশাত ভুগিছে। যুৱকজনৰ কোনো ধৰণৰ শুংসুত্ৰ নোপোৱা পৰিয়ালটোৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক :Road accident in Nagaon: তীব্ৰবেগী বাহনে মহিয়াই নিলে পথত ৰৈ থকা বাহন