Local, Vocal, Global

Gaurav Gogoi Controversy: “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ চেহেৰা সলনি হৈছে”

নিউজ ডেস্ক,১৮ফেব্ৰুৱাৰী : “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ চেহেৰা সলনি হৈছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহস আৰু আত্মবিশ্বাস নোহোৱা হৈ পৰিছে।
দিনক দিনে স্থিতি সলনি কৰিছে মুখ্যমন্ত্ৰীয়ে” – ৰাজীৱ ভৱনত কংগ্ৰেছত শীৰ্ষ নেতা সকলোৰ লগত এক আলোচনাত মিলিত হৈ সাংবাদিকৰ আগত এনে বহু মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে(Gaurav Gogoi Controversy)।

শেহতীয়া কৈ সাংসদ গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত অসম কেবিনেটে সিদ্ধান্ত লোৱাৰ পাছতেই সাংবাদিকৰ আগত সাংসদ গৰাকীয়ে কয় যে
“মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ চেহেৰা সলনি হৈছে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহস আৰু আত্নবিশ্বাস নোহোৱা হৈ পৰিছে ।দিনক দিনে স্থিতি সলনি কৰিছে মুখ্যমন্ত্ৰীয়ে। হঠাত মোৰ প্ৰতি মুখ্যমন্ত্ৰীৰ সহানুভুতি দেখা পোৱা গৈছে”।

লগতে পঢ়ক:Dancing Thief: এইবাৰ বিদ্যালয়ত ডেন্সাৰ চোৰৰ অভিযান