WATCH | Gaurav Gogoi : ”বিজেপি দলৰ পৰা আমি হিন্দু ধৰ্মৰ ওপৰত পৰামৰ্শ বিচৰা নাই”
সোণাৰি,১৮জুন : সোণাৰিত উপস্থিত হৈয়ে বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আহ্বানৰ প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ। সোণাৰিত উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন কৰিবলৈ উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ।
সভাপতি গৌৰৱ গগৈৱে কয়,”বিজেপি দলৰ পৰা আমি হিন্দু ধৰ্মৰ ওপৰত পৰামৰ্শ বিচৰা নাই,আজি বিজেপিয়ে হিন্দু ধৰ্মক লৈ ৰাজনীতি কৰি আছে,বিজেপিয়ে গডছেৰ বিষয়ে পঢ়িব লাগে। RSS ৰ বাহিৰৰ পৰা যিখিনি মানুহ আহিছে তেওঁলোকে অসমত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে,অসমৰ ৰাইজ সজাগ হোৱাটো উচিত”।
মুখ্যমন্ত্ৰী গৰাকীয়ে মন্দিৰৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিফল বুলি মন্তব্য গৌৰৱ গগৈৰ(Gaurav Gogoi)।
উল্লেখযোগ্য যে সোণাৰি সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ সাংসদ পুঁজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব যোৰহাট লোকসভাৰ সাংসদ তথা নৱ নিযুক্ত APCC ৰ সভাপতি গৰাকীয়ে।
লগতে পঢ়ক : WATCH | Poor conditions of roads : টীয়কৰ মাজগাঁও কাৱৈমাৰী সংযোগী পথৰ দুৰৱস্থা