Local, Vocal, Global

WATCH | Gaurav Gogoi : বহিঃৰাজ্যৰ পৰা RSSৰ নেতাই অসমক প্ৰদুষিত কৰিব বিচাৰিছে নেকি ?

নিউজ ডেস্ক,১৫জুন : বহিঃৰাজ্যৰ পৰা RSSৰ নেতাই অসমক প্ৰদুষিত কৰিব বিচাৰিছে নেকি ? অসমক প্ৰদুষিত কৰিছে কোনে ? গৃহবিভাগ বিফল হৈছে নেকি ?

অসমত ২০২৬ ত বিধানসভা নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি অসমখনত এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে RSS য়ে। আজি মঙলদৈত দিনযোৰা কাৰ্যসূচীৰে উপস্থিত থাকে অসম প্ৰদেশৰ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ(Gaurav Gogoi)।

বাহিৰা ৰাজ্যত RSS ৰ একাংশ নেতাই গাঁৱে ভূৱে সোমাই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে। নিৰ্বাচন আহিলেই RSS য়ে এনেবোৰ কাম কৰি ধৰ্মৰ নামত বিশৃংখল কৰাৰ চেষ্টা চলাইছে। ঠিক একেদৰেই অসমখনকো প্ৰদুষিত কৰাৰ কাৰণে চেষ্টা চলাইছে RSS য়ে। শেহতীয়াকৈ মন্দিৰৰ আগত নিষিদ্ধ মাংস ৰাখি এচামেই ধৰ্মক অস্ত্ৰ বনাব বিচাৰিছে। আৰক্ষীয়ে এনে দুস্কৃতিকাৰীক আটক কৰাৰ পাছতেই সকলো কথা স্পষ্ট হৈ পৰে।

এনে কৰা কাম মানুহ হৈছে বিজেপিৰ। অসম আৰক্ষীয়ে এনেধৰণৰ বাহিৰৰ পৰা অহা RSS কেডাৰ সকলৰ ওপৰত গুৰুত্ব দিব লাগে।২৬ ৰ অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বেই অসমখনক প্ৰদুষিত কৰিব বিছাৰিছে একাংশই। এইয়া আমি কোনোপধ্যেই হ’ব নিদিও।

কংগ্ৰেছ দলৰ ভিতৰত থকা বিজেপি এজেন্টক লৈ মন্তব্য কৰে সভাপতি গৌৰৱ গগৈয়ে। বিজেপি এজেন্টৰ বিৰুদ্ধে অতি সোনকালে লোৱা হব ব্যৱস্থা।

লগতে পঢ়ক : WATCH | Barpeta News : মাজদিয়াত বৰপেটা জিলা প্ৰাধিকৰণৰ অধ্যক্ষ অনিল কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন