Local, Vocal, Global

WATCH | Gaurav Gogoi : প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে যোৰহাটত ভৰি দিলে গৌৰৱ গগৈয়ে

নিউজ ডেস্ক,৩১মে’ : ৰাজ্যত প্ৰতিকূল বতৰ। প্ৰতিকূল বতৰে সেমেকা পৰিৱেশৰ সৃষ্টি কৰা মাজতে ৰাজনীতিৰ গৰম বতাহত শনিবাৰে উত্তপ্ত হৈ পৰিছে যোৰহাট চহৰ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত শনিবাৰে প্ৰথমবাৰৰ বাবে যোৰহাটত ভৰি দিলে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈ যোৰহাট বিমানবন্দত উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ নেতা-কৰ্মীৰ মাজত আনন্দ-উছাহৰ দেখিবলৈ পোৱা যায়(Gaurav Gogoi) ।

উল্লেখ্য যে গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লাভৰ পিছত দিল্লীৰ পৰা আহি শনিবাৰে অসমত ভৰি দিব ৷ নতুন দিল্লীৰ পৰা গৌৰৱ গগৈয়ে পোনে পোনে যোৰহাটত উপস্থিত হয় । যোৰহাটত উপস্থিত হৈ স্থানীয় ৰাইজ, দল-সংগঠনৰ লগত বাৰ্তালাপ কৰাৰ লগতে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব ।

ইফালে বিমানবন্দৰৰ পৰা তেওঁক ঢোলে-দগৰে আদৰি আনিবলৈ সাজু হৈছে কংগ্ৰেছ নেতা-কৰ্মীসকল । ইয়াৰ পিছত যোৰহাট ষ্টেডিয়ামত ৩০০০ কংগ্ৰেছ কৰ্মীয়ে গায়ন-বায়নেৰে আদৰিব গৌৰৱক ৷ আনহাতে, টীয়ক, যোৰহাট, বোকাখাত, দেৰগাঁও আদিৰ পৰাও নতুন সভাপতি গৌৰৱ গগৈক আদৰিবলৈ কংগ্ৰেছ কৰ্মীসকল যোৰহাট ষ্টেডিয়ামত সমবেত হ’ব ।উল্লেখ্য যে যোৰহাটত উপস্থিত হৈ গৌৰৱে যোৰহাটৰ পিতৃগৃহলৈ গৈ পিতৃৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি উপস্থিত হ’ব যোৰহাট ষ্টেডিয়ামত । তাত তেওঁ দলীয় কৰ্মীৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু সম্বৰ্ধনা গ্ৰহণ কৰিব । গৌৰৱ গগৈয়ে যোৰহাটৰ অনুষ্ঠান সামৰি ৰাওনা হ’ব পিতৃৰ গৃহ সমষ্টি তিতাবৰলৈ । তিতাবৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিশাতেই তেওঁ শিৱসাগৰলৈ ৰাওনা হ’ব ।

লগতে পঢ়ক : Watch | Police operation against drugs in Hatisingimari: হাটশিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান