Local, Vocal, Global

WATCH | Gaurav Gogoi: ‘চৰকাৰে অভিযোগ আনিলে নহ’ব তথ্যও থাকিবৰ লাগিব’ :গৌৰৱ গগৈ

যোৰহাট,২২ফেব্ৰুৱাৰী : সাংসদ ৰকিবুল হুছেইনক গৃহ জিলাত আক্ৰমণ কৰা সন্দৰ্ভত গৃহ বিভাগ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যোৰহাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।

আনহাতে অখিল গগৈৰ পত্নীৰ চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন তোলাত অভিযোগ দিলেই নহব তথ্যও থাকিব লাগিব বুলি যোৰহাটত অনুষ্ঠিত হোৱা যোৰহাট জিলা কংগ্ৰেছ কমিতিৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি এই মন্তব্য দিয়ে সাংসদ গৌৰৱ গগৈয়ে। লগতে মুখ্যমন্ত্ৰীৰ মনত এতিয়া ভয় সোমাইছে। যেতিয়াৰ পৰা বিজেপি দলৰ সভাপতি সলনি হ’ল তেওঁৰ মনতো ভাল নহয় বুলিও মন্তব্য গৌৰৱ গগৈৰ(Gaurav Gogoi)।

লগতে পঢ়ক:WATCH | Nalbari News:টিহুৰ অগপৰ কাৰ্যালয়ত অগপৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা