WATCH | Gaurav Gogoi : বিয়াৰ পাছতেই পত্নীক লগত লৈ পাকিস্তান গৈছিল গৌৰৱ গগৈ
নিউজ ডেস্ক,২৯মে’ : গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল। ২০১৩ চনত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে।
কিন্তু কিয় গৈছিল পাকিস্তানলৈ গৌৰৱ গগৈ?
বিয়াৰ পাছতেই পত্নীক লগত লৈ পাকিস্তান গৈছিল গৌৰৱ গগৈ। তেতিয়া সাংসদ হোৱাই নাছিল গৌৰৱ গগৈ। ১২ বছৰ পূৰ্বে পাকিস্তান ভ্ৰমণক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ওলোটাই প্ৰশ্ন। বেআইনী ভাৱে যদি পাকিস্তানত গৈ যদি কিবা দেশদ্ৰোহীৰ কাম কৰিছিল চৰকাৰে কিয় ব্যৱস্থা গ্ৰহন কৰা নাই।
কেৱল এইয়াই নহয়। মুখ্যমন্ত্ৰীকো ধন্যবাদ জনালে গৌৰৱ গগৈয়ে(Gaurav Gogoi)।
গৌৰৱৰ মতে,কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মনত সন্দেহৰ সৃষ্টিৰ বাবে । এনেধৰনৰ অভিযোগ তুলিছে ড০ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মুখ্যমন্ত্ৰীয়ে এনে অভিযোগ তুলাৰ পাছতো মুখ্যমন্ত্ৰীয়ে ভৱাটো ওলোটা হে হল।
মুখ্যমন্ত্ৰীৰ পৰিয়ালক লৈও সৰব হোৱা দেখা পোৱা দল সাংসদ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালৰ যোগেদি কৰা অবৈধ কামবোৰ তল পেলোৱাৰ কাৰণে এনেধৰনৰ কথাবোৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছে । মুখ্যমন্ত্ৰীয়ে কৰা সকলো ষড়যন্ত্ৰ ব্যৰ্থ হৈছে আৰু হৈ থাকিব।
বাকী অসমৰ ৰাইজে বিচাৰ কৰিব। পাকিস্তানলৈ সাংসদ গৌৰৱ গগৈয়ে কিয় আৰু কেনেকৈ গৈছিল সকলো কথা কলে সংবাদমেলত। এতিয়া কেৱল অপেক্ষা
মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগবোৰৰ সত্যতাৰ প্ৰমাণ।
মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈ পাকিস্তানত isi ৰ ট্ৰেইনিং ল’বলৈ গৈছিল । শক্ৰৰাষ্ট্ৰত ট্ৰেইনিং লৈ দেশৰ নিৰাপত্তাত আঘাত হানিছে গৌৰৱ গগৈয়ে
এবাৰ নহয় দুবাৰ নহয় ৰহস্যজনক ভাৱে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। ইফালে গৌৰৱৰ মতে পত্নীক সাক্ষাতৰ বাবেহে সাংসদ হোৱাৰ পূৰ্বে সকলো নিয়ম নীতিৰ মাজৰে এবাৰ পাকিস্তানলৈ তেওঁ গৈছিল । এতিয়া অসমৰ ৰাইজৰ মনত প্ৰশ্ন উঠিছে। কোন মিছলীয়া ? গৌৰৱ গগৈ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ?
লগতে পঢ়ক : WATCH | Gossaigaon News : তুলসীবিল বজাৰত সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা এবি এমছুৰ প্রতিবাদ