Local, Vocal, Global

WATCH | Gaurav Gogoi : পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে

নিউজ ডেস্ক,২৮মে’ : পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে। দিল্লীত সংবাদমেলযোগে পাকিস্তানলৈ যোৱাৰ কথা ক’লে সাংসদগৰাকীয়ে।

সংবাদ মাধ্যমৰ আগত আজি গৌৰৱ গগৈয়ে কয়, ‘‘মোৰ পত্নীয়ে ২০১১ চনত এটা বছৰ পাকিস্তানত আছিল, এটা আন্তৰাষ্ট্ৰীয় অনুষ্টানত (NGO)ত তেওঁ কাম কৰিছিল। ২০১৫ চনলৈ কাম কৰিছিল৷ ২০১৩ চনত মই এবাৰ পাকিস্তানলৈ গৈছিলো। ভাৰত চৰকাৰৰ নীতি-নিয়ম অনুসৰি গৈছিলো পাকিস্তানলৈ ৷ মই আৰু মোৰ পত্নীয়ে দোষ কৰিছোঁ যদি শাস্তি দিয়ক, পত্নী-সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয়।’’

উল্লেখ্য যে,বিগত দিন ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি কৰা অভিযোগ আৰু গৌৰৱ গগৈয়ে উভতি ধৰি কৰা প্ৰতি অভিযোগৰ যুঁজখন চলি আছিল । গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনত বহাৰ যোগ্যতাক লৈ প্ৰশ্ন তুলিছিল(Gaurav Gogoi)।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা, আনকি আই এছ আইৰ দ্বাৰা প্ৰশিক্ষণ লোৱাৰো বিস্ফোৰক অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইবামাহো ধৰি ধাৰাবাহিক আক্ৰমণ কৰি আহিছে গৌৰৱ গগৈক । আনকি বিভিন্ন দেশলৈ অপাৰেশ্যন সেন্দূৰৰ সমৰ্থনক লৈ বিদেশলৈ যাবলগীয়া সাংসদৰ দলত গৌৰৱ গগৈৰ নাম কংগ্ৰেছে নিৰ্বাচন কৰাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শেহতীয়াকৈ গৌৰৱ গগৈয়েও দিছে কঢ়া উত্তৰ । মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু অভিযোগক “বেছলেছ, ৰিডিকুলাছ আৰু ননচেন্স” বুলি আখ্যা দিছে গৌৰৱ গগৈয়ে । মুখ্যমন্ত্রীলৈ তীব্র বাক্যবাণ সাংসদ গৌৰৱ গগৈৰ(Gaurav Gogoi Clears Air on Pakistan Visit and Wife’s NGO Link) ৷

দুই নেতাৰ এই বিতৰ্ক আন এক উল্লেখযোগ্য কথা হ’ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সবিশেষ তথ্য সহকাৰে দিব বুলি বহুবাৰ ৰাজহুৱা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীৰ দাবী, “ব্যক্তি হিমন্তবিশ্বই হেজাৰটা মিছা কথা ক’ব পাৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে মিছা কথা ক’ব নোৱাৰে ৷ আইন আছে ৷ বিধানসভা আছে ৷ সকলোৱেই মুখ্যমন্ত্ৰীক জবাবাদিহি কৰিব ৷”

হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক যুদ্ধ চলি থকাৰ মাজতে আজি দিল্লীত সংবাদমেলযোগে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰে ।

লগতে পঢ়ক 😛admashree Jumde Yomgam Gamlin: অৰুণাচল প্ৰদেশৰ বিশিষ্ট সমাজসেৱিকা জুমদে যোমগাম গামলিনলৈ পদ্মশ্ৰী বঁটা