WATCH | Gaurav Gogoi : ‘অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব গৌৰৱ গগৈ’
নিউজ ডেস্ক,২৭মে’ : অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব গৌৰৱ গগৈ। গৌৰৱ গগৈৰ উত্থানে অসমত নতুন জোৱাৰ তুলিছে। ৰাইজে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত সাংসদ গৌৰৱ গগৈয়ে অধিষ্ঠিত হোৱাৰ পাছতেই যেন সমগ্ৰ অসমবাসীৰ মুখত নতুন হাঁহি বিৰিঙাইছে। আহিবলগীয়া ২৬ ৰ নিৰ্বাচনত অসমে মুখ্যমন্ত্ৰীৰ মুখ হিচাপে বাচি লব গৌৰৱ গগৈক(Gaurav Gogoi)।
সোমবাৰে সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশৰ সভাপতি পদ লাভ কৰাৰ পাছতেই ৰাজ্যত কংগ্ৰেছ নেতা সকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। কি উজনি কি নামনি চাৰিওফালে কেৱল আনন্দ।
তাৰ মাজতেই বহুতেই কৈছে ২৬ৰ বিধানসভা নিৰ্বাচনত অসমৰ জনতা হিল দল ভাঙি কংগ্ৰেছ মুখী হব। গৌৰৱ গগৈক আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ৰাইজে। সেয়েহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে। এই মন্তব্য কৰে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে।
লগতে পঢ়ক: WATCH | Sensational incident : দিন দুপৰতে চোকা অস্ত্ৰৰে আক্ৰমণ এহাল দম্পতীক