Local, Vocal, Global

WATCH | Gaurav Gogoi : বক্সিং খেলিবলৈ সাজু গৌৰৱ গগৈ

নিউজ ডেস্ক,২৪মে’ : বক্সিং খেলিবলৈ সাজু গৌৰৱ গগৈ। ইতিমধ্যে বক্সিং ৰিঙত নামিছে গৌৰৱ গগৈয়ে। সময় হ’লেই মুখ্যমন্ত্ৰীক নকআউট পান্স দিব গৌৰৱে।

পাকিস্তান ভ্ৰমণ সম্পৰ্কে সাংসদ গগৈৰ সন্দৰ্ভত যি বিতৰ্ক চলি আছে সেই বিতৰ্কৰ মাজতেই পুনৰ সাংসদ গৌৰৱ গগৈৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মাজুলীত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে কয় যে ‘মই এই বিতৰ্ক আৰম্ভ কৰা নাই, সেয়ে মই কিয় শেষ কৰিম ?বক্সিং খেলত প্ৰথমতে নক আউট পাঞ্চ নিদিয়ে। আমিও শিকিছো বক্সিং ৰিঙৰ পৰা’।

কেৱল এইয়াই নহয় তেওঁ আৰু কয় যে,’মই পাকিস্তানক সদনত যিমান সমালোচনা কৰিছোঁ,বিজেপিৰ কোনো সাংসদে সদনত পাকিস্তানক সমালোচনা কৰা নাই(Gaurav Gogoi)।

ইফালে দুলীয়াজানৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয়, ‘‘বিজেপি চৰকাৰেখনে হিন্দু-হিন্দুৰ মাজত সংঘাত সৃষ্টি কৰিছে । য’ত বিজেপি যায় তাত সমাজত বিভাজন সৃষ্টি কৰে । আজি শৃংখল চলিহাৰ লগত যি কৰিছে মই ভালপোৱা নাই । কা’ আন্দোলনৰ সময়তো আমাক পুলিচৰ যোগেদি ভয় দেখুওৱা হ’ল ৷ আজিৰ তাৰিখতো সেই একেই হৈছে, পুলিচৰ যোগেদি ভয় দেখুওৱা হৈছে।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘মোৰ বিৰুদ্ধে যদি কিবা প্ৰমাণ আছে তেন্তে সেয়া দেখুৱাব লাগে”