Local, Vocal, Global

WATCH | Gaurav Gogoi : বিশ্বই জানিব পাকিস্তানৰ মিথ্যাচাৰ!

নিউজ ডেস্ক,১৮মে’ : সাংসদৰ সৰ্বদলীয় প্ৰতিনিধি দলে ভ্ৰমণ কৰিব বিশ্বৰ বহুকেইটা দেশ । ইতিমধ্যে সৰ্বদলীয় প্ৰতিনিধি দলৰ তালিকা প্ৰস্তত কৰিছে ভাৰত চৰকাৰে। তালিকাত নাম আছে অসমৰ এগৰাকী সাংসদৰ। ভাৰত চৰকাৰে প্ৰস্তত কৰা তালিকাত নাম আছে সাংসদ গৌৰৱ গগৈৰ । তালিকাত সাংসদ গৌৰৱ গগৈৰ নাম সন্নিৱিষ্ট হোৱাৰ লগে লগেই ৰাজ্যৰ ৰাজনীতি পুনৰ গৰম হৈ উঠিছে(Gaurav Gogoi)।

ফেচবুক যোগে ৰাহুল গান্ধীক আহ্বান মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ। শেহতীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তানৰ লিংক থকা বুলি অভিযোগ তুলি ৰাজ্যৰ ৰাজনীতি গৰম কৰি তুলিছে ।

ছেপ্তেম্বৰৰ ১০ তাৰিখৰ আগত সকলো কথা জল জল পট পট হৈ ওলাই পৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। তাৰমাজতে সাংসদ গৌৰৱ গগৈয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰী শৰ্মাক। মুখ্যমন্ত্ৰীয়ে নিজৰ কেলেংকাৰীৰ কথাবোৰ লুকাবলৈ এনেধৰনৰ মন্তব্য কৰিছে।

বিদেশ ভ্ৰমণৰ কাৰণে কংগ্ৰেছৰ পৰা সৰ্বদলীয় প্ৰতিনিধি দলটোলৈ চাৰি গৰাকী সাংসদক প্ৰেৰণ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে জয়ৰাম ৰমেশে। জয়ৰাম ৰমেশে এই সম্পৰ্কে এক্স হেণ্ডেলৰ জৰিয়তে দলটোৰ চাৰিওগৰাকী সাংসদৰ নাম প্ৰকাশ কৰিছে। নাম প্ৰকাশ কৰাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আপত্তি দৰ্শাইছে।

ফেটবুকত মুখ্যমন্ত্ৰীয়ে লিখিছে ”তালিকাখনত নাম উল্লেখ কৰা এগৰাকী সাংসদে (অসমৰ) তেখেত দীৰ্ঘদিন পাকিস্তান ভ্ৰমণ কৰাৰ বিষয়ে অস্বীকাৰ কৰা নাই৷ খবৰ অনুসৰি দুসপ্তাহ তেওঁ তাত আছিল আৰু বিশ্বাসযোগ্য নথি-পত্ৰৰ পৰা এয়া স্পষ্ট হৈছে যে তেখেতৰ পত্নীয়ে ভাৰতত কাম কৰি থকাৰ সময়ত পাকিস্তানস্থিত এন জি অ’ এটাৰ পৰা দৰমহাৰ নামত ধন লাভ কৰিছিল। মাননীয় বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আহ্বান জনাইছোঁ যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত গৈ এই ব্যক্তিগৰাকীক এনে স্পৰ্শকাতৰ আৰু কৌশলপূৰ্ণ এছাইনমেণ্টত অন্তৰ্ভুক্ত নকৰিব। এনেদৰে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক আহ্বান জনায়

কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয় মন্ত্ৰী পীযুয হাজৰিকাও ফেচবুকত লিখিছে ‘এটা গুৰুত্বপূৰ্ণ বিষয়

অপাৰেশ্যন সেন্দূৰৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্মিলিত যুঁজৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে সৰ্বদলীয় এটি প্ৰতিনিধি মণ্ডল গঠন কৰিছে। ইয়াৰ বাবে কংগ্ৰেছ দলৰ পৰাও প্ৰতিনিধিৰ নাম বিচৰা হৈছিল।

আশ্চৰ্যজনকভাৱে কংগ্ৰেছ দলে দাখিল কৰা তালিকাত এনে এগৰাকী সাংসদ (অসম)ৰ নাম অন্তৰ্ভুক্ত আছে যাৰ পত্নীয়ে পাকিস্তানৰ উচ্চস্তৰীয় নেতৃত্বৰ সৈতে কাম কৰিছিল আৰু এই কথা তেখেতে অস্বীকাৰ কৰা নাই। সাংসদগৰাকীৰ সন্তানো বিদেশৰ নাগৰিক। এই কাৰ্য কৰি কংগ্ৰেছ দলে ভাৰত আৰু ভাৰতীয়সকলৰ সন্মানত আঘাত হানিব খোজাটো অত্যন্ত লজ্জাজনক। পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হোৱা সাংসদৰ নাম এনে গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আগবঢ়োৱাটো কেতিয়াও উচিত নহয়’।

লগতে পঢ়ক : WATCH | Sensational incident: ই-ৰিক্সাতো এতিয়া সুৰক্ষিত নহয় যুৱতী-মহিলা