Local, Vocal, Global

Gaurav Gogoi:সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথলৈ এটি বিশেষ প’ষ্ট

নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী : সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথলৈ বুলি লিখিলে এটি বিশেষ প’ষ্ট(Gaurav Gogoi)। গৌৰৱ গগৈয়ে লিখিছে,…..

‘প্ৰিয় এলিজাবেথ,

আজি মই তোমাক কৃতজ্ঞতা জনাইছো,

যোৱা কিছুদিনৰ পৰা তোমাৰ নাম চৌদিশে চৰ্চিত,

আজি তোমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন,

বিবাহৰ পাছত সকলো ছোৱালীয়েই ঘৰ-পৰিয়াল এৰি আহে,

কিন্তু,তুমি মাথো ঘৰ-পৰিয়ালেই নহয়,নিজৰ মাতৃভূমিকে এৰি আহিলা,

ভাৰতলৈ আহি তুমি আমাৰ ভাষা,সংস্কৃতি, পৰম্পৰাক আকোৱালি ল’লা,

এগৰাকী অসমীয়া বোৱাৰী হিচাপে অসমলৈ আহি তুমি আমাৰ সংস্কৃতি গ্ৰহণ কৰিলা,

নাম,ভাওনা,বিহু,পূজা সকলোতে তুমি ভাগ ল’লা,

কৰ্মস্হলী দিল্লীতে থাকি আমাৰ দুই সন্তানক ডাঙৰ-দীঘল কৰিছা,

তোমাৰ বৃটিছ পাচৰ্পোট তোমাৰ অপৰাধ নহয়, তোমাৰ OCI কাৰ্ডো কোনো নীতি বহিৰ্ভূত নহয়,

নিশ্চয়কৈ প্ৰতিগৰাকী নাৰীৰ দৰেই তোমাৰ নিজৰ মা-দেউতা আৰু নিজৰ মাতৃভূমিৰ প্ৰতি অলপ হ’লেও টান থাকিবই,

নিজৰ মা-দেউতাক লগ পাবলৈ মনত হেঁপাহ থাকিবই,

তুমি ৰাজনীতিৰ পৰা বহু আঁতৰত থাকা,কিন্তু আজি ৰাজনীতিয়ে তোমাকো টানি আনিছে,

তুমি আইএচআই নহয়,এগৰাকী মেধাসম্পন্ন প্ৰতিভাশালী নাৰী,

অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ওপৰত বিশ্বাস ৰাখা।

সকলোৱে জানে প্ৰকৃত সত্য কি,

সত্যমেৱ জয়তে।’’

উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকৰ অভিযোগক লৈ চৰ্চা। শাসকীয় দলৰ একাধিক নেতাই গৌৰৱ গগৈক কটু ভাষাৰে সমালোচনা কৰিছে। সামাজিক মাধ্যমতো সাংসদগৰাকীক কটু সমালোচনা কৰিছে শাসকীয় দলৰ নেতাই। তাৰ পিছতে সাংসদ গৌৰৱ গগৈৱে এটা বিশেষ পোষ্ট লিখিছে সামজিক মাধ্যমত।

লগতে পঢ়ক:Road accident in boko: তীব্ৰবেগী আলট্ৰা বাছে মহতিয়ালে দুই বাইক আৰোহীক