Gauhati Medical College Hospital :গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নাভূত-নাশ্ৰুত ঘটনা

নিউজ ডেস্ক,১৪অক্টোবৰ : পুনৰ পোহৰলৈ আহিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নাভূত-নাশ্ৰুত ঘটনা।
এইবাৰ হাৰ্টৰ ৰোগীক ডেংগীৰ চিকিৎসা কৰাৰ অভিযোগ আৰু ডেংগীৰ ৰোগীক হাৰ্টৰ চিকিৎসা কৰাৰ অভিযোগ(Gauhati Medical College Hospital)।
এই অভিযোগ হোজাইৰ মেহমুদা বেগম নামৰ মহিলাগৰাকীৰ। হাৰ্টৰ ৰোগত আক্ৰান্ত হৈ GMCHত ভৰ্তি হৈছিল মেহমুদা বেগম। ১১ অক্টোবৰত মেহমুদা বেগমক ভৰ্তি কৰোৱা হৈছিল GMCHত।১২ অক্টোবৰত একেটা কক্ষতে ভৰ্তি হৈছিল এগৰাকী ডেংগী আক্ৰান্ত। মেহমুদা বেগমক ডেংগী, আনগৰাকী মহিলাক হাৰ্টৰ চিকিৎসা কৰাৰ অভিযোগ।