Local, Vocal, Global

APSC Scam : APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়দান; ৩৪জন অভিযুক্তক দোষী সাব্যস্ত

নিউজ ডেস্ক,২২জুলাই : APSC ৰ নিযুক্তি কেলেংকাৰিৰ গোচৰৰ চূড়ান্ত ৰায়। ৰাকেশ পালসহ ৩৪জন অভিযুক্তক দোষী ঘোষণা । দোষী সাব্যস্ত হ’ল ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত কুমাৰ দলে। তিনিওকে ৭ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ। ১১জন অভিযুক্তক দোষমুক্ত কৰে ঘোষণা কৰে বিশেষ ন্যায়াধীশ আদালতে( APSC Scam)।

দোষমুক্ত ঘোষণা কৰা হৈছে- বিকাশ পিন্সা, কৌশিক কলিতা, কুণাল দাস, জ্যোতিবন দত্ত, ফিৰোজ, বিউতি গগৈ, শৈজালী জোহৰী, ধৃতিমান ৰয়, মৌচুমী শইকীয়া, মোশ্বাৰফ হুছেইন। ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুণাল দাস(Gauhati High Court Convicts 32 Including Rakesh Paul in APSC Scam)।

ইফালে APSC কেলেংকাৰীৰ দোষী সাব্যস্ত বিষয়াই হেৰুওৱাব চাকৰি। আদালতে দোষী সাব্যস্ত কৰা সকল আদালতৰ পৰাই যাব লাগিব কাৰাগাৰলৈ।

লগতে পঢ়ক : Ferry stuck in Brahmaputra: ব্ৰহ্মপুত্ৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰী